‘ভাৰত’ ছলমান খানৰ কেৰিয়াৰৰ আটাইতকৈ নিকৃষ্ট ছবি!

News18-Assam
Updated:June 7, 2019, 6:53 PM IST
‘ভাৰত’ ছলমান খানৰ কেৰিয়াৰৰ আটাইতকৈ নিকৃষ্ট ছবি!
নিজৰ টুইটাৰ একাউণ্টৰ জৰিয়তে ‘ভাৰত’ ছবিকলৈ এগৰাকী অভিনেতাই দিলে বিৰূপ মন্তব্য।

নিজৰ টুইটাৰ একাউণ্টৰ জৰিয়তে ‘ভাৰত’ ছবিকলৈ এগৰাকী অভিনেতাই দিলে বিৰূপ মন্তব্য।

  • Share this:
ঈদৰ দিনা মুক্তি লাভ কৰা বলিউডৰ অভিনেতা ছলমান খানৰ নৱতম ছবি ভাৰতে এতিয়া সমগ্ৰ দেশজুৰি লাভ কৰিছে দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি। মুক্তিৰ প্ৰথমদিনাই ছবিখনে বক্স অফিছত উপাৰ্জন কৰিছে প্ৰায় ৪৩ কোটি টকা। কিন্তু শেহতীয়াকৈ ছবিখনক লৈ বিৰূপ মন্তব্য দিছে বলিউডৰ এগৰাকী অভিনেতাই।



ছলমান খানৰ জনপ্ৰিয় টেলিভিচন ৰিয়েলিটি শ্ব’ ‘বিগবছ’ ৰ জৰিয়তে চৰ্চা লাভ কৰা বলিউডৰ অভিনেতা কমাল ৰছিদ খানে(কেআৰকে) ছবিখন চাই  শতিকাৰ সবাতোকৈ নিকৃষ্ট ছবি বুলি অভিহিত কৰিছে।



ভাৰত ছবিখনক  বিগত সময়ৰ বলিউডৰ বিফল ছবি জিৰ’, থাগছ্ অৱ হিন্দুস্থান, টিউবলাইট, ৰেচতকৈও বেয়া চিনেমা বুলি দাবী কৰিছে বলিউডৰ বিতৰ্কিত অভিনেতা জনে।



অভিনেতা কে আৰ কে ‍ছবিখনক লৈ এনেধৰণৰ মন্তব্য কৰিলেও কিন্তু ছবিখনে বহুতকে আপ্লুট কৰিছে। ভাৰত ছবিখনত ছলমান খানৰ লগতে কেটৰিণা কেঈফ, দিচা পাটানী, জেকি শ্ৰফ আদিৰ দৰে অভিনেতা অভিনেত্ৰীয়েও বিভিন্ন গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।

  ছবিখনকলৈ অভিনেতা কেআৰকে কৰা এনে ধৰণৰ মন্তব্যৰ পিছত বিষয়তো সন্দৰ্ভত ছচিয়েল মিডিয়াত সৃষ্টি হৈছে ব্যাপক চৰ্চা।
First published: June 7, 2019, 3:51 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি