உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • KL Rahul:  হাৰ্দিক পাণ্ডিয়াক পুত্ৰক কোলাত লৈ কি কৰিলে কে এল ৰাহুলে?  মুহূৰ্তৰ ভিতৰতে হৈ পৰিল ভাইৰেল

    KL Rahul:  হাৰ্দিক পাণ্ডিয়াক পুত্ৰক কোলাত লৈ কি কৰিলে কে এল ৰাহুলে?  মুহূৰ্তৰ ভিতৰতে হৈ পৰিল ভাইৰেল

    সম্প্ৰতি ইণ্টাৰনেটত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে টিম ইণ্ডিয়াৰ এখন ফটো ৷ য’ত কে এল ৰাহুলে হাৰ্দিকৰ পাণ্ডিয়াৰ কণমানি পুত্ৰ আগষ্ট্যক কোলাত লৈ থকা দেখা গৈছে।

    সম্প্ৰতি ইণ্টাৰনেটত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে টিম ইণ্ডিয়াৰ এখন ফটো ৷ য’ত কে এল ৰাহুলে হাৰ্দিকৰ পাণ্ডিয়াৰ কণমানি পুত্ৰ আগষ্ট্যক কোলাত লৈ থকা দেখা গৈছে।

    সম্প্ৰতি ইণ্টাৰনেটত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে টিম ইণ্ডিয়াৰ এখন ফটো ৷ য’ত কে এল ৰাহুলে হাৰ্দিকৰ পাণ্ডিয়াৰ কণমানি পুত্ৰ আগষ্ট্যক কোলাত লৈ থকা দেখা গৈছে।

    • Share this:
    সম্প্ৰতি ইণ্টাৰনেটত চৰ্চিত হৈছে ভাৰতীয় ক্ৰিকেটাৰ কে এল ৰাহুল ৷ মঙলবাৰে ইংলেণ্ডৰ বিৰুদ্ধে মেচত ঋষভ পণ্টৰ ঠাইত কে এল ৰাহুলক উইকেট কিপিং কৰাও দেখিবলৈ পোৱা গৈছিল। এইবাৰ কে এল ৰাহুল অৱতীৰ্ণ হ'ল কেঁচুৱা পৰিচৰ্যা কৰাৰ ভূমিকাত। কে এল ৰাহুলক এই ৰূপত দেখি সতীৰ্থৰ লগতে প্ৰাক্তন বহু কেইগৰাকী ক্ৰিকেটাৰে মন্তব্য কৰিছে ছচিয়েল মিডিয়াত।

    দৰাচলতে পুণেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট ষ্টেডিয়ামত ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়া খেলত ৬৬ ৰাণত জয় লাভ কৰাৰ পিছতে ভাৰতে শৃংখলাত ১-০ত আগবাঢ়িবলৈ সক্ষম হয়। এই বিজয়ৰ পিছতে ভাৰতীয় দলটোৰ খেলুৱৈসকলৰ মাজত এক বিশষ পৰিৱেশ দেখিবলৈ পোৱা গৈছিল আৰু সকলোৱে ছচিয়েল মিডিয়াত অনুৰাগীসকলৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিছিল ৷ ফটোখনত ৰবি শাস্ত্ৰী, ৰোহিত শৰ্মা, বিৰাট কোহলীৰ উপৰিও পাণ্ডিয়া ভাতৃদ্বয়, শাৰ্দুল ঠাকুৰকো দেখিবলৈ পোৱা গৈছিল ৷

    এই বিশেষ ফটোখনৰ পিছফালে কে এল ৰাহুলো আছিল আৰু সেইসময়ত ৰাহুলৰ কোলাত আছিল হাৰ্দিক পাণ্ডিয়াৰ কণমানি পুত্ৰ আগষ্ট্য। ফটোখন আপলোডৰ পিছতেই প্ৰাক্তন ভাৰতীয় খেলুৱৈ ৱাচিম জাফৰে মন্তব্য কৰিছিল, "ফটোত চাওক কে এল ৰাহুলৰ কোলাত হাৰ্দিকৰ পুত্ৰ আগষ্ট্য । ভাৰতীয় উইকেটকিপাৰ বেটছমেন সদায়ে এগৰাকী নিৰ্ভৰযোগ্য বেবী চিটাৰ হৈ আহিছে।"

    উল্লেখ্য যে ইয়াৰ পূৰ্বে, ২০১৮-১৯ চনত ভাৰতৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত বেবী চিটাৰৰ বিষয়টোৱে যথেষ্ট চৰ্চা লাভ কৰিছিল। অষ্ট্ৰেলিয়াৰ টেষ্ট দলৰ অধিনায়ক টিম পেনে ঋষভ পণ্টক তেওঁৰ শিশুকেইটাৰ সৈতে বেবী চিটিং কৰিবলৈ কৈছিল।
    Published by:Himangshu Bhuyan
    First published: