৬৫ বছৰীয়া অংক মাষ্টৰে যৌন নিৰ্যাতন চলোৱাৰ কথা ক’লে এইগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে!

News18 Assam | News18-Assam
Updated:December 4, 2020, 5:29 PM IST
৬৫ বছৰীয়া অংক মাষ্টৰে যৌন নিৰ্যাতন চলোৱাৰ কথা ক’লে এইগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে!
Source-Google

অভিনেত্ৰীগৰাকীয়ে পাহৰিব পৰা নাই শৈশৱৰ সেই ঘটনা

  • Share this:
কবিতা কৌশিক, বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী। সৰু পৰ্দাৰ জনপ্ৰিয় অভিনত্ৰীগৰাকী এতিয়া বিগবছ ১৪ৰ এগৰাকী প্ৰতিযোগী। বিগবছত সকলোৱে প্ৰতিদিনে নতুন নতুন চেলেঞ্জৰ মুখামুখী হয়। বিগবছৰ মঞ্চত কোৱা হৈছেল সকলোৰে জীৱনৰ কোনো পাহৰিব নোৱাৰা তিক্ত অভিজ্ঞতা শ্বেয়াৰ কৰিবলৈ। আৰু তেতিয়াই অভিনেত্ৰী কবিতা কৌশিকে শ্বেয়াৰ কৰিছিল সেই অভিজ্ঞতাৰ কথা।



কবিতাই জনাইছিল সৰু কালত তেওঁ যৌন নিৰ্যাতনৰ চিকাৰ হোৱাৰ কথা। নিজৰ ৬৫ বছৰীয়া অংকৰ শিক্ষকে যৌন নিৰ্যাতন চলাইছিল অভিনেত্ৰীগৰাকীক। কবিতাই কয় যে,সেই সময়ত তেওঁৰ বয়স আছিল ১১ বছৰ। গণিতত দুৰ্বল হোৱাৰ বাবে এজন ঘৰুৱা শিক্ষক নিয়োগ কৰা হৈছিল। ৬৫ বছৰীয়া শিক্ষকজনে অংক শিকাইছিল ঘৰতে। এদিন ঘৰত কোনো নথকাৰ সুযোগ লৈ শিক্ষকজনে প্ৰথমে কবিতাক অশ্লীল ইংগিত প্ৰদান কৰিছিল।

অভিযোগ অনুসৰি, শিক্ষকজনে অভিনেত্ৰীগৰাকীক অশালীন কথা বতৰা কোৱাৰ লগতে গোপন অংগত হাত দিয়াৰ অপচেষ্টা কৰিছিল। শিক্ষকৰ কাণ্ড দেখি ভয় খাইছিল কবিতাই। কিন্তু পিছত সৌভাগ্যক্ৰমে ৰক্ষা পৰে কবিতা। পিছত মাতৃৰ আগত অভিনেত্ৰীগৰাকীয়ে সকলো কথা বিবৰি কৈছিল যদিও মাতৃয়ে বিশ্বাস কৰা নাছিল।

বিগবছৰ মজিয়াত অভিনেত্ৰী কবিতাই এই ঘটনাৰ কথা ৰাজহুৱা কৰে।
Published by: Himangshu Bhuyan
First published: December 4, 2020, 5:29 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading