KBC : মধ্যাহ্ন ভোজনৰ খাদ্য বনোৱা ববিতা হ’ল কোটিপতি, শুদ্ধ উত্তৰ দিয়াৰ পিছতো কিয় নাপালে ৭ কোটি?

সাত কোটিৰ এই প্ৰশ্নৰ শুদ্ধ উত্তৰ দিয়ে ববিতাই। কিন্তু তেতিয়া ববিতাই খেল এৰিছিল।

News18-Assam
Updated:September 20, 2019, 10:07 AM IST
KBC : মধ্যাহ্ন ভোজনৰ খাদ্য বনোৱা ববিতা হ’ল কোটিপতি, শুদ্ধ উত্তৰ দিয়াৰ পিছতো কিয় নাপালে ৭ কোটি?
সাত কোটিৰ এই প্ৰশ্নৰ শুদ্ধ উত্তৰ দিয়ে ববিতাই। কিন্তু তেতিয়া ববিতাই খেল এৰিছিল।
News18-Assam
Updated: September 20, 2019, 10:07 AM IST
জনপ্ৰিয় টেলিভিছন শ্ব’ ‘কৌন বনেগা কৰোৰপতি’ৰ ১১সংখ্যক সংস্কৰণত মহাৰাষ্ট্ৰৰ অমৰাৱতীৰ বাসিন্দা ববিতা দেশতাডেই বৃহস্পতিবাৰৰ খণ্ডত এক কোটি টকা জিকিবলৈ সক্ষম হয়। তেওঁ বিশেষজ্ঞৰ পৰামৰ্শ লাইফলাইন ব্যৱহাৰ কৰি এক কোটি টকাৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ দিয়ে। কিন্তু সাত
কোটি টকাৰ প্ৰশ্ন থমকি ৰয় ববিতা।

১ কোটিৰ প্ৰশ্ন

প্ৰশ্ন : মোগল শাসক বাহাদুৰ শ্বাহ জাফৰৰ কোনজন দৰবাৰ কবিয়ে দাস্তান–এ–গদৰ ৰচনা কৰিছিল। য’ত তেওঁ ১৮৫৭ৰ বিদ্ৰোহৰ নিজা অনুভৱৰ বিষয়ে লিখিছিল?
উত্তৰ : জহীৰ দেহলৱী।

ববিতাই এই প্ৰশ্নৰ উত্তৰত বিশেষজ্ঞ শ্বেতা ঝাঁ (আজ টকৰ এছ’চিয়েট প্ৰডিউচাৰ)ৰ পৰামৰ্শ লয় আৰু কোনো কথা নভৱাকৈয়ে ইতিহাসৰ এই কঠিন প্ৰশ্নৰ উত্তৰ দিয়ে।



সাত কোটিৰ প্ৰশ্ন
প্ৰশ্ন : ইয়াৰ ভিতৰত কোনখন ৰাজ্যৰ আটাইতকৈ বেছি ৰাজ্যপাল আগলৈ গৈ দেশৰ ৰাষ্ট্ৰপতি হৈছে?
উত্তৰ : বিহাৰ

সাত কোটিৰ এই প্ৰশ্নৰ শুদ্ধ উত্তৰ দিয়ে ববিতাই। কিন্তু তেতিয়া ববিতাই খেল এৰিছিল। ১ কোটি টকা হেৰুওৱাৰ আশংকাত খেল এৰি দিয়ে ববিতাই।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি