KBC: কোটিপতি হ’বলৈ দিয়ক এই প্ৰশ্নটোৰ উত্তৰ

সৰু পৰ্দাত ডাঙৰ সপোন সাকাৰ কৰা শ্ব’ ‘কৌন বনেগা কৰোড়পতি’ৰ পঞ্জীয়ন আৰম্ভ হৈ গৈছে। বিগ বি অমিতাভ বচ্চনে ১ মে’ৰ পৰা দৈনিক নিশা ৯ বজাত আগবঢ়াইছে প্ৰশ্ন। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ দি আপুনিও KBCৰ বাবে পঞ্জীয়ন কৰিব পাৰে নিজৰ নাম।

news18assam
Updated:May 13, 2019, 2:22 PM IST
KBC: কোটিপতি হ’বলৈ দিয়ক এই প্ৰশ্নটোৰ উত্তৰ
সৰু পৰ্দাত ডাঙৰ সপোন সাকাৰ কৰা শ্ব’ ‘কৌন বনেগা কৰোড়পতি’ৰ পঞ্জীয়ন আৰম্ভ হৈ গৈছে। বিগ বি অমিতাভ বচ্চনে ১ মে’ৰ পৰা দৈনিক নিশা ৯ বজাত আগবঢ়াইছে প্ৰশ্ন। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ দি আপুনিও KBCৰ বাবে পঞ্জীয়ন কৰিব পাৰে নিজৰ নাম।
news18assam
Updated: May 13, 2019, 2:22 PM IST
সৰু পৰ্দাত ডাঙৰ সপোন সাকাৰ কৰা শ্ব’ ‘কৌন বনেগা কৰোড়পতি’ৰ পঞ্জীয়ন আৰম্ভ হৈ গৈছে। বিগ বি অমিতাভ বচ্চনে ১ মে’ৰ পৰা দৈনিক নিশা ৯ বজাত আগবঢ়াইছে প্ৰশ্ন। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ দি আপুনিও KBCৰ বাবে পঞ্জীয়ন কৰিব পাৰে নিজৰ নাম। যদি আপুনি এই প্ৰশ্নটো চাবলৈ নাপালে তেন্তে চিন্তাৰ কোনো কাৰণ নাই। আমি জনাম প্ৰশ্নৰ লগতে শুদ্ধ উত্তৰ দি কিদৰে মেছেজৰ জৰিয়তে এই শ্ব’ত আপোনাৰ নাম পঞ্জীয়ন কৰিব পাৰিব। ১১ মে’ত সোধা প্ৰশ্নটো আছিল –

বিশ্বৰ আটাইতকৈ ওখ মূৰ্তি কোনটো?

A- ষ্টেচ্যু অৱ লিবাৰ্টী

B- ষ্টেচ্যু অৱ ইউনিটী

C- ষ্টেচ্যু অৱ ফ্ৰেটাৰ্নিটী

D- ষ্টেচ্যু অৱ ডাইভাৰ্ছিটী

এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ’ল B- ষ্টেচ্যু অৱ ইউনিটী। এই উত্তৰ দিবলৈ প্ৰতিযোগীয়ে 509093 নম্বৰত KBC (স্পেচ) শুদ্ধ উত্তৰ (A,B,C বা D) (স্পেচ) বয়স (স্পেচ) আপোনাৰ লিংগ (পুৰুষ, মহিলা, অন্যান্য) লিখি পঠিয়াব পাৰে। এই উত্তৰ আজি (১২ মে’)ৰ নিশা ৯ বজালৈ পঠিয়াব পাৰে। দৰ্শকে Sonyliv এপত প্ৰ–পত্ৰ পূৰণ কৰি নাইবা IVR আৰু SMSৰ জৰিয়তে অফলাইন পঞ্জীয়নো কৰিব পাৰে।

কেনেকৈ হয় নিৰ্বাচন

কোটিপতি হোৱাৰ প্ৰক্ৰিয়াত আপুনি প্ৰথমে পঞ্জীয়নৰ বাবে সোধা প্ৰশ্নৰ উত্তৰ দিব লাগিব। ইয়াৰ পিছত যদি আপুনি নিৰ্বাচিত হয় তেন্তে আপোনাৰ সবিশেষ তথ্য বিচাৰিব। যদি আপুনি নিৰ্বাচিত হয় তেন্তে আপোনাক অডিশ্যনৰ বাবে মতা হ’ব। অডিশ্যন ৰাউণ্ড সম্পূৰ্ণ কৰাৰ পিছত KBC প্ৰতিযোগীয়ে ফাষ্টেষ্ট ফিংগাৰ ফাৰ্ষ্ট ৰাউণ্ডলৈ যোৱাৰ সুবিধা পায় আৰু ইয়াৰ পৰা খোল খায় হটছীটৰ পথ।

উল্লেখযোগ্য যে বিগ বি অমিতাভ বচ্চন বিগত ১৭ বছৰ ধৰি জড়িত হৈ আছে। ২০০০ চনৰ পৰা আৰম্ভ হোৱা এই শ্ব’টোৱে ১০টা ছিজন সম্পূৰ্ণ কৰিছে। ১১সংখ্যক ছিজনৰ আৰম্ভ আগষ্ট মাহৰ পৰা আৰম্ভ হ’ব বুলি খবৰ ওলাইছে।
আৰু চাওক পৰৱৰ্তী বাতৰি