কেতিয়াও মহানগৰ নেদেখা সণোজ ৰাজ KBCৰ চলিত ছিজনৰ প্ৰথমজন কোটিপতি

News18-Assam
Updated:September 11, 2019, 8:45 AM IST
কেতিয়াও মহানগৰ নেদেখা সণোজ ৰাজ KBCৰ চলিত ছিজনৰ প্ৰথমজন কোটিপতি
বিহাৰৰ সণোজে কেতিয়াও দেখা নাছিল মহানগৰ। পিতৃ ৰামজনম শৰ্মা এজন সাধাৰণ খেতিয়াক।

বিহাৰৰ সণোজে কেতিয়াও দেখা নাছিল মহানগৰ। পিতৃ ৰামজনম শৰ্মা এজন সাধাৰণ খেতিয়াক।

  • News18 Assam
  • Last Updated: September 11, 2019, 8:45 AM IST
  • Share this:
ছনী টেলিভিছন চেনেলত সম্প্ৰচাৰিত জনপ্ৰিয় ৰিয়েলিটী শ্ব’ ‘কৌন বনেগা কৰোৰপতি’ৰ ছিজন–১১ৰ প্ৰথমজন কোটিপতি হ’ল বিহাৰৰ এজন যুৱক। জাহানাবাদৰ ঢোংৰা গাঁৱৰ বাসিন্দা সণোজ ৰাজে এক কোটি টকা জিকি উজলাইছে বিহাৰৰ নাম।

ছনী চেনেলে মঙলবাৰে নিজৰ ফেচবুক আৰু টুইটাৰ একাউণ্টত আহিবলগীয়া খণ্ডৰ প্ৰম’ পোষ্ট কৰিছে য’ত সণোজ ৰাজে ১৫সংখ্যক প্ৰশ্নৰ শুদ্ধ উত্তৰ দি এক কোটি টকা লাভ কৰা দেখা গৈছে।

ছনী চেনেলৰ টুইটাৰ পোষ্ট অনুসৰি, এতিয়া সণোজে সাত কোটি টকাৰ প্ৰশ্নৰ বাবে খেলিব। বৃহস্পতিবাৰ আৰু শুকুৰবাৰে সণোজে অংশগ্ৰহণ কৰা খণ্ডটো সম্প্ৰচাৰ হ’ব।

উল্লেখযোগ্য যে বিহাৰৰ সণোজে কেতিয়াও দেখা নাছিল মহানগৰ। পিতৃ ৰামজনম শৰ্মা এজন সাধাৰণ খেতিয়াক। সণোজে জাহানাবাদতে গ্ৰহণ কৰিছে শিক্ষা। বৰ্ধমানৰ এখন কলেজৰ পৰা বি–টেক ডিগ্ৰী লাভ কৰা সণোজৰ মন এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ।




NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক
পৰৱৰ্তী বাতৰি