• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Entertainment : কেটৰিনা কাইফ আৰু বিকি কৌশলৰ মাজত চলি আছে নেকি হিয়া দিয়া নিয়া? ৰোমাণ্টিক ৰিলেচনৰ কথা কৰিব নেকি ৰাজহুৱা?

Entertainment : কেটৰিনা কাইফ আৰু বিকি কৌশলৰ মাজত চলি আছে নেকি হিয়া দিয়া নিয়া? ৰোমাণ্টিক ৰিলেচনৰ কথা কৰিব নেকি ৰাজহুৱা?

শেহতীয়া এক খবৰ মতে তেওঁলোকৰ প্ৰেমৰ কথা ৰাজহুৱা কৰিবলৈ উদগ্ৰীৱ হৈ পৰিছে কেটৰিনা কাইফ।

শেহতীয়া এক খবৰ মতে তেওঁলোকৰ প্ৰেমৰ কথা ৰাজহুৱা কৰিবলৈ উদগ্ৰীৱ হৈ পৰিছে কেটৰিনা কাইফ।

শেহতীয়া এক খবৰ মতে তেওঁলোকৰ প্ৰেমৰ কথা ৰাজহুৱা কৰিবলৈ উদগ্ৰীৱ হৈ পৰিছে কেটৰিনা কাইফ।

  • Share this:
কেটৰিনা কাইফ আৰু বিকি কৌশলৰ মাজত বহু দিনৰ পৰা গোপন প্ৰেমৰ সম্পৰ্ক চলি আছে বুলি চৰ্চা হৈ থকাৰ মাজতে শেহতীয়াকৈ এই সম্পৰ্কৰ কথা ৰাজহুৱা কৰিব বিচাৰিছে বুলি খবৰ ওলাইছে। দুয়োজনৰ প্ৰেমৰ কাহিনীৰ কথা বলিউডৰ পৰা সমগ্ৰ দেশতে প্ৰচাৰ হৈ আছে, কিন্তু এজনেও মুকলিকৈ এই কথা প্ৰকাশ কৰা নাই। বহুবাৰ বহুজনে বিকি কৌশলৰ পৰা এই কথা উলিয়াব বিচাৰিছিল যদিও ঘূণাক্ষৰেও এবাৰো নিজৰ প্ৰেমৰ কথা বা কেটৰিনাক ডেটিং কৰি থকাৰ কথা স্বীকাৰ নকৰিলে।

কিন্তু ২০২১ চনৰ আৰম্ভণিতে নতুন বছৰক আদৰণি জনাই ইনষ্টাগ্ৰামত কেটৰিনাই দিয়া এটা পোষ্টত বিকি কৌশলৰ ফটো দেখাৰ পৰা এই কথা প্ৰায় ৰাজহুৱা হৈ পৰিছিল। ২০২০ চনত হোলীৰ এক পাৰ্টীৰ সময়তো দুয়োকে অতি নিকট দেখা গৈছিল।

কিন্তু অতি শেহতীয়া এক খবৰ মতে তেওঁলোকৰ প্ৰেমৰ কথা ৰাজহুৱা কৰিবলৈ উদগ্ৰীৱ হৈ পৰিছে কেটৰিনা কাইফ। মাত্ৰ এটা ছচিয়েল মিডিয়া পোষ্টেই এই বৃহৎ ব্ৰেকিং নিউজটো দিবলৈ যথেষ্ট যদিও বিকি কৌশলৰ পৰিয়াল এই ৰোমাণ্টিক সম্পৰ্কক লৈ মুঠেই সুখী নহয় আৰু এনে ডাঙৰ সিদ্ধান্ত নল'বলৈ হেনো সকীয়াই থৈছে বিকিক।

খবৰ ইমানলৈ আছে যে কেটৰিনাই হেনো বিকি কৌশলক তেওঁৰ আহিবলগীয়া চিনেমাবোৰত যাতে কোনো নিবিড় সম্পৰ্কৰ দৃশ্যত অংশ নলয় সেই কথা দঢ়াই দঢ়াই কৈ থৈছে।
Published by:Manjumoni Borah
First published: