অনন্যা পাণ্ডেক দেখি কাৰ্তিক আৰয়ানৰ মাতৃয়ে ক’লে – ‘ইমান সুন্দৰ ছোৱালী, হাত লগালে লেতেৰা হৈ যাব’, চাওক VIDEO

News18 Assam | News18-Assam
Updated:December 3, 2019, 1:04 PM IST
অনন্যা পাণ্ডেক দেখি কাৰ্তিক আৰয়ানৰ মাতৃয়ে ক’লে – ‘ইমান সুন্দৰ ছোৱালী, হাত লগালে লেতেৰা হৈ যাব’, চাওক VIDEO
কাৰ্তিক আৰু অনন্যাৰ ছবি Pati Patni Aur Woh এই সপ্তাহতে মুক্তি পাব, কিন্তু এই ছবিখনৰ শ্বুটিঙৰ পূৰ্বেই অনন্যাক পছন্দ কৰিলে কাৰ্তিকৰ মাতৃয়ে।

কাৰ্তিক আৰু অনন্যাৰ ছবি Pati Patni Aur Woh এই সপ্তাহতে মুক্তি পাব, কিন্তু এই ছবিখনৰ শ্বুটিঙৰ পূৰ্বেই অনন্যাক পছন্দ কৰিলে কাৰ্তিকৰ মাতৃয়ে।

  • Share this:
কাৰ্তিক আৰয়ান আৰু ছাৰা আলী খানৰ ব্ৰেকআপৰ পিছত কাৰ্তিক আৰয়ান আৰু অনন্যা পাণ্ডেৰ ঘনিষ্ঠতাৰ খবৰ আহিবলৈ লৈছে। দুয়োৰে মাজত সম্পৰ্ক কেনেধৰণৰ সেয়া তেওঁলোকে জানে, কিন্তু কাৰ্তিক আৰয়ানৰ মাতৃয়ে পছন্দই কৰি পেলালে অনন্যাক। কাৰ্তিক আৰু অনন্যাৰ ছবি Pati Patni Aur Woh এই সপ্তাহতে মুক্তি পাব, কিন্তু এই ছবিখনৰ শ্বুটিঙৰ পূৰ্বেই অনন্যাক পছন্দ কৰিলে কাৰ্তিকৰ মাতৃয়ে।

শেহতীয়াকৈ, কাৰ্তিক, অনন্যা আৰু ভূমি পাডনেকাৰে নিজৰ আহিবলগীয়া ছবি Pati Patni Aur Wohৰ প্ৰমোচনৰ বাবে এক ৰেডিঅ’ শ্ব’ত অংশ লৈছিল। এই অনুষ্ঠানত কাৰ্তিক আৰয়ানক তেওঁৰ সহ অভিনেত্ৰীৰ বিষয়ে সোধা হৈছিল। ভূমিৰ বিষয়ে কাৰ্তিকে কয় যে প্ৰথম লগ পোৱাৰ সময়ত বহুত ভাল লাগিছিল।

যেতিয়া অনন্যাৰ বিষয়ে ক’বলৈ ল’লে তেতিয়া এটা ঘটনা উল্লেখ কৰে কাৰ্তিকে। কাৰ্তিকে কয় যে অনন্যাক তেওঁ প্ৰথমবাৰ ডিজাইনাৰ মনীষ মালহোত্ৰাৰ শ্ব’ত লগ পাইছিল। কাৰ্তিকে কয় – ‘তাত অনন্যাও আহিছিল। অনন্যাক দেখি মোৰ মা বহু আনন্দিত হৈছিল। তেওঁ কৈছিল যে ইমান সুন্দৰ ছোৱালী, গাখীৰৰ নিচিনা, হাত লগালে লেতেৰা হৈ যাব।’


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি