বিমানবন্দৰত দীপিকা পাডুকণৰ ভৰিত ধৰিলে কাৰ্তিক আৰয়ানে, তাৰ পিছত দুয়ো কৰিলে নৃত্য, চাওক VIDEO

News18 Assam | News18-Assam
Updated:December 1, 2019, 5:20 PM IST
বিমানবন্দৰত দীপিকা পাডুকণৰ ভৰিত ধৰিলে কাৰ্তিক আৰয়ানে, তাৰ পিছত দুয়ো কৰিলে নৃত্য, চাওক VIDEO
দেওবাৰে কাৰ্তিক আৰয়ান আৰু দীপিকাক দেখা মুম্বাই বিমানবন্দৰত। বিমানবন্দৰৰ বাহিৰত কাৰ্তিকে দীপিকাক ধীমে ধীমেৰ ষ্টেপ শিকোৱা দেখা গ’ল।

দেওবাৰে কাৰ্তিক আৰয়ান আৰু দীপিকাক দেখা মুম্বাই বিমানবন্দৰত। বিমানবন্দৰৰ বাহিৰত কাৰ্তিকে দীপিকাক ধীমে ধীমেৰ ষ্টেপ শিকোৱা দেখা গ’ল।

  • Share this:
কাৰ্তিক আৰয়ানৰ ছবি ‘পতি পত্নী ঔৰ ৱৌ’ শীঘ্ৰে মুক্তিলাভ কৰিব। ইয়াৰ পূৰ্বে ছবিখনৰ পাৰ্টী ছং ‘ধীমে ধীমে’ ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছে। এই গানটোৰ অনুৰাগী হৈ পৰিছে বলীউদৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকণো। দীপিকাই এই গানটোৰ ষ্টেপ শিকাৰো ইচ্ছা কৰিছিল, যিটো পূৰণ কৰে কাৰ্তিক আৰয়ানে।

অভিনেত্ৰী দীপিকা পাডুকণে ‘ধীমে ধীমে’ গানটোক লৈ ইনষ্টাগ্ৰামত লিখিছিল – ‘কাৰ্তিক আৰযান আপুনি মোক ধীমে ধীমে গানটোৰ ডেন্স ষ্টেপ শিকাব পাৰিব নেকি? মই #ধীমে–ধীমে চেলেঞ্জত অংশ ল’ব বিচাৰিছো।’



দীপিকাৰ এই অনুৰোধ ভাইৰেল হৈছিল ছচিয়েল মিডিয়াত। ইয়াৰ পিছতে কাৰ্তিক আৰয়ানে দীপিকাক ইয়াৰ উত্তৰ দিয়ে। কাৰ্তিকে দীপিকাৰ অনুৰোধ স্বীকাৰ কৰি লিখে – ‘নিশ্চয়, আপুনি সোনকালে শিকি যাব। কওক কেতিয়া।’



 





View this post on Instagram




 

@kartikaaryan @deepikapadukone at the airport today #paparazzi #video #instadaily #manavmanglani


A post shared by Manav Manglani (@manav.manglani) on




দীপিকা পাডুকণৰ এই অনুৰোধত কাৰ্তিক আৰয়ানে সন্মতি প্ৰকাশ কৰাৰ পিছতে সকলোৱে নজৰ ৰাখিছিল যে কাৰ্তিকে কেতিয়া দীপিকাক এই ডেন্স ষ্টেপ শিকাব। কিন্তু দুয়োৰে অনুৰাগীৰ প্ৰতীক্ষাৰ দেওবাৰে অন্ত পৰিল।



 




View this post on Instagram




 

#DeepikaPadukone shakes her leg at the airport today #paparazzi #pictureperfect #instadaily #manavmanglani


A post shared by Manav Manglani (@manav.manglani) on




দেওবাৰে কাৰ্তিক আৰয়ান আৰু দীপিকাক দেখা মুম্বাই বিমানবন্দৰত। বিমানবন্দৰৰ বাহিৰত কাৰ্তিকে দীপিকাক ধীমে ধীমেৰ ষ্টেপ শিকোৱা দেখা গ’ল।



 




View this post on Instagram




 

#KartikAaryan #DeepikaPadukone


A post shared by Manav Manglani (@manav.manglani) on




কাৰ্তিক আৰয়ানে ব্লুটুথ স্পীকাৰ আনি গানটোৰ তালে তালে দীপিকাক শিকালে নিৃত্য। আৰম্ভণিতে দীপিকাই এই ষ্টেপ কৰিব পৰা নাছিল। কাৰ্তিক আৰয়ানে দীপিকাৰ ভৰিত ধৰি শিকালে গানৰ ষ্টেপ।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি