কি চৰ্তত ছইফ আলী খানৰ সৈতে বিয়া হৈছিল কৰিনা কাপুৰ?

বিয়াৰ পূৰ্বেই হওক বা পিছতে হওক, বলীউদৰ এই প্ৰেমিক যুগলে কেতিয়াও নিজৰ প্ৰেম লুকুওৱাৰ চেষ্টা কৰা নাই।

News18-Assam
Updated:October 16, 2019, 1:39 PM IST
কি চৰ্তত ছইফ আলী খানৰ সৈতে বিয়া হৈছিল কৰিনা কাপুৰ?
বিয়াৰ পূৰ্বেই হওক বা পিছতে হওক, বলীউদৰ এই প্ৰেমিক যুগলে কেতিয়াও নিজৰ প্ৰেম লুকুওৱাৰ চেষ্টা কৰা নাই।
News18-Assam
Updated: October 16, 2019, 1:39 PM IST
বলীউদৰ এনে বহু দম্পতী আছে যাৰ বিষয়ে অনুৰাগীসকলে খুব কম কথাহে জানে। তেনে দুই তাৰকা হ’ল ছইফ আলী খান আৰু কৰিনা কাপুৰ খান। আজি ১৬ অক্টোবৰ অৰ্থাৎ ছইফ আৰু কৰিনাৰ সপ্তম বিবাহ বাৰ্ষিকী। এই উপলক্ষে আমি আপোনাক জনাবলৈ লৈছো ছইফ আৰু কৰিনাৰ প্ৰেম কাহিনীৰ কিছু কথা।

২০১২ চনত ছইফ আৰু কৰিনা বিবাহপাশত আবদ্ধ হৈছিল। ছইফতকৈ কৰিনা ১০ বছৰ সৰু আছিল, সেইবাবে দুয়োৰে বিয়াক লৈ চলিছিল ব্যাপক চৰ্চা। কিন্তু ছইফ–কৰিনাই প্ৰমাণ কৰিলে যে প্ৰেমৰ সেন্দুৰীয়া পথত বয়স বাধা হ’ব নোৱাৰে। দুয়োৰে প্ৰেম কাহিনী আৰম্ভ হৈছিল এখন ছবিৰ পৰা। ‘টশন’ ছবিখনৰ শ্বুটিঙৰ সময়ত কৰিনা আৰু ছইফৰ মাজত জন্ম হৈছিল প্ৰেম। যদিও উক্ত ছবিখন ফ্লপ হৈছিল, কিন্তু হিট হৈছিল ছইফ–কৰিনাৰ প্ৰেম কাহিনী।

বিয়াৰ পূৰ্বেই হওক বা পিছতে হওক, বলীউদৰ এই প্ৰেমিক যুগলে কেতিয়াও নিজৰ প্ৰেম লুকুওৱাৰ চেষ্টা কৰা নাই। প্ৰায়ে দুয়ো দুয়োৰে হাতত ধৰি কেমেৰাৰ সন্মুখলৈ অহা দেখা যায়। কৰিনাই এক সাক্ষাৎকাৰত কৈছিল যে বিয়াৰ পূৰ্বে ছইফৰ ওচৰত এটা চৰ্ত ৰাখিছিল। চৰ্ত আছিল যে মই আপোনাৰ পত্নী আৰু মই কাম কৰি যাম, পইচা উপাৰ্জন কৰিম আৰু আপুনি মোক ওৰে জীৱন সমৰ্থন কৰিব লাগিব।

বিয়াৰ চাৰি বছৰ পিছত ২০১৬ চনত কৰিনা আৰু ছইফৰ মাজলৈ আহিছিল নবাব তাইমুৰ। মুম্বাইৰ ব্ৰীচ কেণ্ডী হাস্পতালত জন্ম হৈছিল তাইমুৰৰ। এতিয়া ছইফ–কৰিনাতকৈও অধিক চৰ্চা হয় তাইমুৰক লৈহে।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি