মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Kareena Kapoor Khan: পাপাৰাজিৰ কেমেৰাত বন্দী কৰীণা–তনয় জেহাংগীৰৰ পূৰ্ণ ফটো, নিমিষতে ভাইৰেল

Kareena Kapoor Khan: পাপাৰাজিৰ কেমেৰাত বন্দী কৰীণা–তনয় জেহাংগীৰৰ পূৰ্ণ ফটো, নিমিষতে ভাইৰেল

News18 Assam | News18-Assam
Updated:August 22, 2021, 8:11 PM IST
Kareena Kapoor Khan: পাপাৰাজিৰ কেমেৰাত বন্দী কৰীণা–তনয় জেহাংগীৰৰ পূৰ্ণ ফটো, নিমিষতে ভাইৰেল
দম্পতীটোৱে তেওঁক শ্বাটাৰবাগৰ পৰা আঁতৰাই ৰাখিছিল, কিন্তু...

দম্পতীটোৱে তেওঁক শ্বাটাৰবাগৰ পৰা আঁতৰাই ৰাখিছিল, কিন্তু...

  • Share this:

মালদ্বীপৰ পৰা পৰিয়ালৰ সৈতে উভতি অহাৰ সময়তে কৰীণা–ছেইফৰ কনিষ্ঠ পুত্ৰ সাৰি নগ'ল পাপাকাজিৰ কেমেৰাৰ ক্লিকৰ পৰা, যি এতিয়া ভাইৰেল ফটোলৈ পৰ্যবসিত হৈছে। বলীউডৰ অভিনেত্ৰী কৰীণা কাপুৰ খানে তেওঁৰ স্বামী অভিনেতা ছেইফ আলী খান, পুত্ৰ টাইমুৰ আলী খান আৰু জেহাংগীৰ আলী খানৰ সৈতে ছেইফৰ জন্মদিন উপলক্ষে মালদ্বীপলৈ গৈছিল।


কিন্তু দেওবাৰে পাপাৰাজিয়ে কালিনা বিমানবন্দৰত পৰিয়ালটোৰ ফটো তোলে। ভাইৰেল ভায়ানীয়ে তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলত শ্বেয়াৰ কৰা এখন ছবিত টাইমুৰৰ প্ৰাক্তন আয়াগৰাকীক জেহাংগীৰক লৈ থকা দেখা গৈছিল। ছবিখন শিৰোনামৰ সৈতে শ্বেয়াৰ কৰা হৈছে, "পৰিয়ালটো মালদ্বীপৰ পৰা ব্যক্তিগত চাৰ্টাৰ্ড বিমানত উভতি অহাৰ লগে লগে কেঁচুৱাটোৰ প্ৰথম সঠিক ছবি। নাৰ্ছ #SRLataৰ সৈতে দেখা গৈছে।"













View this post on Instagram






A post shared by Viral Bhayani (@viralbhayani)





কৰীণা আৰু ছেইফে এই বছৰৰ আৰম্ভণিতে জেহাংগীৰক আদৰণি জনাইছিল। দম্পতীটোৱে তেওঁক শ্বাটাৰবাগৰ পৰা আঁতৰাই ৰাখিছিল। কিন্তু অলপতে পাপাৰাজিৰ ফটোত জেহাংগীৰৰ মুখৰ সামান্য আভাস ৰাজহুৱা হোৱাৰ পিছতে এতিয়া আৰু নৱজাতকৰ মুখ ঢাকি নোলোৱাকৈ ফটো পোষ্ট কৰি আহিছে দম্পতীটোৱে।


কৰীণা বৰ্তমান তেওঁৰ কিতাপ কৰীণা কাপুৰ খানৰ Pregnancy Bibleৰ প্ৰচাৰত ব্যস্ত হৈ আছে। অভিনেত্ৰীগৰাকীয়ে টাইমুৰ আৰু জেহাংগীৰৰ গৰ্ভধাৰণৰ সময়ত তেওঁৰ মাতৃত্বৰ অভিজ্ঞতা সামৰি এই কিতাপখন ৰচনা কৰিছিল। উল্লেখ্য, কৰীণাক পৰৱৰ্তী সময়ত আমীৰ খানৰ বিপৰীতে লাল সিং চাড্ডা চলচ্চিত্ৰত দেখা যাব।

Published by: Gautam Barman
First published: August 22, 2021, 8:00 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি