உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Kareena Kapoor Khan : দুই পুত্ৰক অভিনেতা হ'বলৈ নিদিয়ে কৰীণা কাপুৰে, টাইমুৰ আৰু জাহাংগীৰ কি হোৱাটো বিচাৰে কৰীণাই

    Kareena Kapoor Khan : দুই পুত্ৰক অভিনেতা হ'বলৈ নিদিয়ে কৰীণা কাপুৰে, টাইমুৰ আৰু জাহাংগীৰ কি হোৱাটো বিচাৰে কৰীণাই

    Photo: Instagram @kareenakapoorkhan

    Photo: Instagram @kareenakapoorkhan

    কৰীণাই কয়, “মই যথেষ্ট পজিটিভ মানুহ, মই সুখী আৰু সন্তুষ্ট। মই কোনো ট্ৰোলৰ কথা ভাবিবলৈ অৱকাশ নাপওঁ, কোনো নেতিবাচক কথা ভবাৰ সময় নাই। আমি দুটি নিষ্পাপ শিশুৰ কথা পাতি আছোঁ...কিন্তু আমি সুখী থাকিম আৰু পজিটিভ হৈ থাকিম।"

    • Share this:
    কৰীণা কাপুৰ খান (Kareena Kapoor Khan) আৰু তেওঁৰ গোটেই বংশটোৱেই কেইবাদশক ধৰি বলীউডত ৰাজ কৰি আছে যদিও অভিনেত্ৰী কৰীণা কাপুৰে তেওঁৰ দুই পুত্ৰ টাইমুৰ (Taimur) আৰু জেহ (Jeh)ক অভিনয় জগতলৈ আহিব নিদিয়ে। শেহতীয়াকৈ এটা সাক্ষাৎকাৰত কৰীণাই দুই পুত্ৰক পালন কৰাৰ কথা শ্বেয়াৰ কৰাৰ লগতে দুই পুত্ৰ অভিনেত নহ'লেই সুখী হ'ব বুলি কয়। কৰীণাই কয়, "অভিনেতাৰ সলনি সিহঁত অন্য কিবা হ'লেই মই ভাল পাম।"

    কৰীণাই কয়, “মই মোৰ দুয়োটা পুত্ৰক ভদ্ৰলোক হোৱাতো বিচাৰোঁ, মই বিচাৰোঁ মানুহে যাতে কয় যে সিহঁতক ভালকৈ ডাঙৰ-দীঘল কৰা হৈছে, সিহঁত দয়ালু আৰু মই তেতিয়া ভাবিম যে মোৰ সাধনা সফল হৈছে।” কৰীণাই আকৌ কয়, “মই ভাাল পাম যদি কোনোবাদিনা ঘপকৈ টিম আহি মোক ক'ব যে মই বেলেগ কিবা কৰিব বিচাৰোঁ...এই ধৰক মাউণ্ট এভাৰেষ্ট বগোৱা...মই সিহঁতক সহযোগ কৰিম আৰু সকলো প্ৰকাৰে সমৰ্থন কৰিম।”

    কৰীণাই পুনৰ কয় যে তেওঁ 'হেলিকপ্টাৰ মাক' (helicopter mom) হ'ব নিবিচাৰে...“মই বিচাৰোঁ সিহঁতে পৰক উঠক আৰু শিকক...কাৰণ মোৰ মায় মোকো এনেদৰেই শিকাইছিল। মোৰ মা আছিল এনেকুৱা, যি মন যায় কৰিব দিছিল, ভুল কৰিবলৈ দিছিল আৰু শিকিবলৈ দিছিল...ময়ো তেনেদৰেই দুয়োটাকে ডাঙৰ কৰিবলৈ চেষ্টা কৰিছোঁ।"

    উল্লেখ্য যে শেহতীয়াকৈ ছইফ-কৰীণাৰ পুত্ৰৰ নামক লৈ যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছিল। কৰীণাই কয়, “মই যথেষ্ট পজিটিভ মানুহ, মই সুখী আৰু সন্তুষ্ট। মই সুখ বিলাই ভাল পাওঁ, এই কোৰোণাৰ সময়ত ইতিবাচক চিন্তা বিলাই ভাল পাওঁ। মই কোনো ট্ৰোলৰ কথা ভাবিবলৈ অৱকাশ নাপওঁ, কোনো নেতিবাচক কথা ভবাৰ সময় নাই। এটা মুদ্ৰাৰ দুটা পিঠি থাকেই। আমি দুটি নিষ্পাপ শিশুৰ কথা পাতি আছোঁ...কিন্তু আমি সুখী থাকিম আৰু পজিটিভ হৈ থাকিম।"
    Published by:Manjumoni Borah
    First published: