• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • নিলাজ! ফিল্মফেয়াৰৰ ষ্টেজৰ ওপৰতে অভিনেতাক পেণ্ট খুলিবলৈ ক’লে কৰণ জোহৰে

নিলাজ! ফিল্মফেয়াৰৰ ষ্টেজৰ ওপৰতে অভিনেতাক পেণ্ট খুলিবলৈ ক’লে কৰণ জোহৰে

Source-Google

Source-Google

কোনেও ভবা নাছিল যে, কৰণ জোহৰে এই কথা ক’ব! বিকি কৌশল আৰু মনীষক পেণ্ট খুলিবলৈ দি নৃত্য কৰিবলৈ ক’লে কৰণ জোহৰে।

  • Share this:
প্ৰথমবাৰলৈ অসমত হোৱা ফিল্মফেয়াৰ এৱাৰ্ডৰ আঁত ধৰিছিল অভিনেতা বিকি কৌশল আৰু কৰণ জোহৰে। অনুষ্ঠান চলি থকাৰ মাজতে বিকি কৌশল আৰু মনীষক উদ্দেশ্যি কৰণ জোহৰৰ বিশেষ নিৰ্দেশ। 

কৰণ জোহৰে অভিনেতা বিকি কৌশল আৰু মনীষক চেলেঞ্জ কৰিলে যে, তেওঁ দুটামান ভিডিঅ’ দেখাব আৰু দুয়ো ভিডিঅ’ত দেখাৰ দৰে হুবহু নৃত্য কৰিব লাগিব। প্ৰথমে কৰণ জোহৰে ‘দিৱানা’ ছবিৰ ‘Aisi Deewangi’ গীতৰ ভিডিঅ’ দেখালে আৰু শ্বাহৰুখ, দিব্যা ভাৰতীৰ দৰে নৃত্য কৰিবলৈ ক’লে। দুয়োগৰাকী অভিনেতাই বিশেষ ভংগীমাৰে নৃত্যও কৰিলে।

ইয়াৰ পিছতে অক্ষয় কুমাৰে টাৱেল পৰিধান কৰি নৃত্য কৰা ‘Suhag’ ছবিৰ বিশেষ গীতটোত কৰণ জোহৰে বিকি কৌশল আৰু মনীষক নাচিবলৈ ক’লে। কিন্তু কোনেও ভবা নাছিল যে, গীতটোত নৃত্য কৰোতে দুয়োগৰাকী অভিনেতাকে কৰণ জোহৰে পেণ্ট খুলি নৃত্য কৰিবলৈ ক’ব!

ৰাজহুৱা স্থানত কৰণ জোহৰৰ এনে ‘Adult’ কথা–বতৰাই এতিয়া চৰ্চা লাভ কৰিছে। বহুতে মন্তব্য কৰিছে যে, সীমা চেৰাই ‘কমেডী’ কৰিবলৈ চেষ্টা কৰিলে কৰণ জোহৰে। এয়া একেবাৰে শুভ লক্ষণ নহয়।
Published by:Himangshu Bhuyan
First published: