உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • The Kapil Sharma Show : 'দি কপিল শৰ্মা শ্বো'ৰ নতুন ছিজনৰ ধমাকাদাৰ ছেট সাজু, চাওক কেনে হ'ব নতুন ৰূপ

    The Kapil Sharma Show : 'দি কপিল শৰ্মা শ্বো'ৰ নতুন ছিজনৰ ধমাকাদাৰ ছেট সাজু, চাওক কেনে হ'ব নতুন ৰূপ

    image: FB/Kapil Sharma

    image: FB/Kapil Sharma

    অৱশ্যে এতিয়ালৈ The Kapil Sharma Showৰ নতুন ছিজন কেতিয়াৰ পৰা আৰম্ভ হ'ব সেই কথা ৰাজহুৱা কৰা নাই কপিল শৰ্মা (Kapil Sharma) বা প্ৰযোজকেও। 

    • Share this:
    সমগ্ৰ ভাৰতেই নহ. বিদেশতো বেছ জনপ্ৰিয় 'দি কপিল শৰ্মা শ্বো' (The Kapil Sharma Show) অচিৰেই এক নতুন ৰূপত আহি আছে। জনপ্ৰিয় কমেডী শ্বোটোৰ নতুন ছিজনৰ বাবে সাজু কৰি তোলা হৈছে ধমাকাদাৰ ছেট। মঙলবাৰে কপিল শৰ্মাই নিজেই এই চালে চকু ৰোৱা নতুন ছেটৰ ফটো ছেয়াৰ কৰিছে।

    ছচিয়েল মিডিয়াত নতুন ছিজনৰ নতুন ছেটৰ ফটো ছেয়াৰ কৰি কপিলে অনুৰাগীৰ পৰা বিচাৰিছে সহাৰি। অনুৰাগীক সুধিছে, " বন্ধুসকল, কেনেকুৱা হৈছে এই নতুন ছেট?"



    জুলাই মাহত কপিল শৰ্মাই ঘোষণা কৰিছিল যে অতি সোনকালেই 'দি কপিল শৰ্মা শ্বো' নতুন ৰূপত নতুন সাজত দৰ্শকৰ মাজলৈ আহিব। কপিলে তেওঁৰ আন সতীৰ্থ অভিনেতাসকলৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি নতুন ছিজনৰ কথা ঘোষণা কৰিছিল আৰু মঙলবাৰে নতুন ছেটৰ ফটো শ্বেয়াৰ কৰি দৰ্শকৰ কৌতুহল নিৰসণ কৰিলে কপিলে।

    উল্লেখ্য যে ২০১৬ চনৰ ২৩ এপ্ৰিলত কপিল শৰ্মা শ্বোৰ প্ৰথম এপিছোড সম্প্ৰচাৰ হোৱাৰ পিছৰ পৰা দিনে দিনে দৰ্শকৰ মাজত অধিক জনপ্ৰিয় হৈ পৰিছে 'দি কপিল শৰ্মা শ্বো'। অৱশ্যে এতিয়ালৈ নতুন ছিজন কেতিয়াৰ পৰা আৰম্ভ হ'ব সেই কথা ৰাজহুৱা কৰা নাই কপিল শৰ্মা বা প্ৰযোজকেও।
    Published by:Manjumoni Borah
    First published: