உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • The Kapil Sharma Show: কপিল শৰ্মাৰো দাম বাঢ়িল, তৃতীয় ছিজনৰ বাবে কিমান বিছাৰিলে ফীজ...

    The Kapil Sharma Show: কপিল শৰ্মাৰো দাম বাঢ়িল, তৃতীয় ছিজনৰ বাবে কিমান বিছাৰিলে ফীজ...

    file image

    file image

    দৰ্শকে অতি আগ্ৰহেৰে ৰৈ আছে কপিল শৰ্মাৰ নতুন শ্বোৰ বাবে। জানিব পৰা মতে ২১ জুলাইৰ পৰা 'দ্য কপিল শৰ্মা শ্বো' (The Kapil Sharma Show) আহিব নতুন ৰূপত ।

    • Share this:
    কমেডিয়ান 'কপিল শৰ্মা'ৰ শ্বো (The Kapil Sharma Show)ৰ অনুৰাগী দেশৰ চুকে-কোণে আছে। নিজৰ কমেডীৰে সমগ্ৰ দেশবাসীক হহুৱাবলৈ সক্ষম হৈছে কপিল শৰ্মা। অচিৰেই এক নতুন ফৰ্মেটত নতুন টীমৰ সৈতে দৰ্শকৰ মাজলৈ আহিব কপিল শৰ্মা শ্বো। কিন্তু এই নতুন ছিজনৰ বাবে কপিল শৰ্মা (Kapil Sharma)ই বহুত বেছি বঢ়াইছে নিজৰ দাম।

    মিডিয়াত ওলোৱা বাতৰি মতে বৰ্তমান কপিল শৰ্মাই এক সপ্তাহত লৈ আছিল ৬০ লাখ টকা। কিন্তু নতুন ছিজনৰ বাবে কপিলে হেনো বিচাৰিছে প্ৰতি সপ্তাহত ১ কোটিকৈ। কপিলে সপ্তাহৰ দুটা এপিছোডৰ প্ৰতিটোৰ বাবে ৩০ লাখ টকাকৈ লৈ আছিল। কিন্তু এতিয়া প্ৰতিটো এপিছোডত ৫০ লাখ টকা বিচাৰিছে কপিলে। কপিলৰ এই শ্বোটোৱে সপ্তাহৰ প্ৰতি শনিবাৰ আৰু দেওবাৰে দেশবাসীৰ ভৰপূৰ মনোৰঞ্জন কৰায়।

    দ্য কপিল শৰ্মা শ্বোৰ সফলতাৰ আঁৰতেই হ'ল কপিল শৰ্মা নিজে। কপিল শৰ্মাৰ এংকৰিং আৰু উপস্থিত বুদ্ধিৰ বাবেই সফলতাৰ শিখৰত আৰোহণ কৰিছে কমেডী ধাৰাবাহিকখনে। এই কথা কপিল শৰ্মাইও ভালকৈয়ে জানে।

    দৰ্শকে অতি আগ্ৰহেৰে ৰৈ আছে কপিল শৰ্মাৰ নতুন শ্বোৰ বাবে। জানিব পৰা মতে ২১ জুলাইৰ পৰা নতুন ৰূপত আহিব 'দ্য কপিল শৰ্মা শ্বো'।
    Published by:Manjumoni Borah
    First published: