মনোৰঞ্জন জগতৰ এটা দুখৰ খবৰ। কানাড়া অভিনেত্ৰী সৌজন্যই আজি চিপ লৈ আত্মহত্যা কৰে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, অভিনেত্ৰীগৰাকীয়ে বাংগালুৰুৰ কুম্বালগোডুত থকা তেওঁৰ এপাৰ্টমেণ্টত আত্মহত্যা কৰে। প্ৰাৰম্ভিক অনুসন্ধানত প্ৰকাশ পোৱা মতে, অভিনেত্ৰীগৰাকীৰ মৃতদেহ তেওঁৰ কোঠাত ওলমি থকা অৱস্থাত পোৱা গৈছিল।
আৰক্ষীয়ে এটা ছুইচাইড নোটো উদ্ধাৰ কৰিছে। টোকাটোত কোৱা হৈছে যে অভিনেত্ৰীগৰাকীয়ে এই পদক্ষেপৰ বাবে আন কাকো দায়ী নকৰে আৰু তেওঁ ইয়াৰ বাবে একমাত্ৰ দায়বদ্ধ। তেওঁ টোকাটোত তেওঁৰ পিতৃ-মাতৃৰ ওচৰত ক্ষমা বিচাৰে। টোকাটোত স্পষ্ট কৰে যে তেওঁৰ কোনো স্বাস্থ্যজনিত সমস্যা নাই, কিন্তু তেওঁৰ জীৱনৰ কিছুমান কথাৰ বাবে ভুগিছিল আৰু তাৰ বাবে মানসিকভাৱে বিচলিত হৈ এই কাৰ্য কৰে। তেওঁ জীৱনত সহায় পোৱা লোকসকলক ধন্যবাদ জনায় টোকাটোত।
তিনি পৃষ্ঠাৰ চুইচাইড নোটখনত ২৭, ২৮ আৰু ৩০ ছেপ্টেম্বৰৰ তাৰিখ আছে। আৰক্ষীয়ে বিশ্বাস কৰে যে সৌজন্যই তিনি দিন আগৰে পৰা আত্মহত্যাৰ চেষ্টা কৰিছিল। অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ বাতৰিয়ে সকলোকে হতবাক কৰি তুলিছে। জানিব পৰা মতে, টিভি উদ্যোগত চলি থকা অসুবিধাৰ বাবে সৌজন্য বিচলিত হৈছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|