চতুৰ্থ টেষ্টতো পজিটিভ অহাত আবেগিক কণিকা কাপুৰ, হাস্পতালৰ বিছনাত কালৈ পৰিল মনত?

News18 Assam | News18-Assam
Updated:March 30, 2020, 11:36 AM IST
চতুৰ্থ টেষ্টতো পজিটিভ অহাত আবেগিক কণিকা কাপুৰ, হাস্পতালৰ বিছনাত কালৈ পৰিল মনত?
কোৰোণা পজিটিভ পোৱাৰ পিছৰে পৰা আইছ’লেচনত আছে কণিকা কাপুৰ।

কোৰোণা পজিটিভ পোৱাৰ পিছৰে পৰা আইছ’লেচনত আছে কণিকা কাপুৰ।

  • Share this:
বলীউদৰ গায়িকা কণিকা কাপুৰৰ চতুৰ্থ টেষ্টতো ধৰা পৰিল কোৰোণা পজিটিভ। বৰ্তমান লক্ষ্ণৌৰ সঞ্জয় গান্ধী পোষ্ট গ্ৰেজুৱেট ইনষ্টিটিউটত চিকিৎসাধীন হৈ আছে কণিকা। একেৰাহে চতুৰ্থবাৰলৈ কোভিড–১৯ পজিটিভ অহাৰ পিছত কণিকা কিছু আবেগিক হৈ পৰে। কিন্তু কণিকাৰ বিশ্বাস এই যুদ্ধত তেওঁ জয়ী হ’ব আৰু শীঘ্ৰে সুস্থ হৈ ঘৰলৈ উভতিব।

কোৰোণা পজিটিভ পোৱাৰ পিছৰে পৰা আইছ’লেচনত আছে কণিকা কাপুৰ। ২০ মাৰ্চৰ পৰা চিকিৎসকৰ নিৰীক্ষণত আছে গায়িকাগৰাকী। শেহতীয়াকৈ কণিকাই ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে এক আবেগিক পোষ্ট। কণিকাই খন ফটো শ্বেয়াৰ কৰিছে, য’ত এটা ঘড়ীৰ সৈতে লিখা আছে এক প্ৰেৰণাদায়ক বাক্য। ফটোখনত লিখা আছে – জীৱনে আমাক সময়ৰ সঠিত ব্যৱহাৰ কৰা শিকায়, সময়ে আমাক জীৱনৰ মূল্য শিকায়।’

ফটোখনৰ কেপচনত কণিকাই লিখিছে – শুবলৈ গৈ আছো। আপোনালোক সকলোলৈ মৰমবোৰ পঠিয়াইছো। আপোনালোক সকলো সুৰক্ষিত থাকক, মোৰ চিন্তা কৰাৰ বাবে আপোনালোকলৈ ধন্যবাদ, কিন্তু মই আইচিইউত নাই, মই ঠিকেই আছো। মোৰ বিশ্বাস পৰৱৰ্তী কোৰোণা টেষ্ট নিগেটিভ আহিব। কণিকাই আগলৈ লিখিছে যে তেওঁৰ পৰিয়াল আৰু সন্তানলৈ বহুত মনত পৰিছে। শীঘ্ৰে তেওঁলোকৰ ওচৰলৈ যাবলৈ অপেক্ষা কৰিছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading