সীতাৰ দৰে মহাকাব্যিক চৰিত্ৰত অভিনয়ৰ বাবে ১২ কোটি টকা বিচৰাৰ পাছতে দেশজুৰি কৰীণা কাপুৰ খান বয়কট (Kareena Kapoor Khan Boycot) অভিযান চলিছিল।
সীতাৰ দৰে মহাকাব্যিক চৰিত্ৰত অভিনয়ৰ বাবে ১২ কোটি টকা বিচৰাৰ পাছতে দেশজুৰি কৰীণা কাপুৰ খান বয়কট (Kareena Kapoor Khan Boycot) অভিযান চলিছিল।
অৱশেষত কংগনা ৰাণাৱটেই 'সীতা' (Sita)ৰ চৰিত্ৰত অভিনয় কৰাটো একপ্ৰকাৰ খাটাং হৈ পৰিছে। বলীউডৰ 'কুইন' আৰু অদ্ভূত প্ৰতিভাশালী অভিনেত্ৰী কংগনা ৰাণাৱট (Kangana Ranaut)এই সীতাৰ চৰিত্ৰত অভিনয় কৰাটো প্ৰায় খাটাং হৈছে বুলি ফিল্ম ইণ্ডাষ্ট্ৰীজত খুব চৰ্চা হৈছে এইকেইদিন। ইমানেই নহয় বাতৰি মতে কংগনা ৰাণাৱটেও সীতাৰ চৰিত্ৰৰ বাবে সাজু হৈছে।
প্ৰথমে কৰীণা কাপুৰ খান (Kareena Kapoor Khan)ক সীতাৰ চৰিত্ৰৰ বাবে বিচৰা হৈছিল । কিন্তু কৰীণাই প্ৰযোজকৰ পৰা দাবী কৰিছিল ১২ কোটি টকা। এই এই বিশাল অংকৰ মাছুল নিৰ্মাতাৰ বাবেই যে কেৱল সুবিধাজনক নাছিল এনে নহয়, সীতাৰ দৰে মহাকাব্যিক চৰিত্ৰত অভিনয়ৰ বাবে ১২ কোটি টকা বিচৰাৰ পাছতে দেশজুৰি কৰীণাৰ বিৰুদ্ধে সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ। কৰীণা কাপুৰ খান বয়কট (Kareena Kapoor Khan Boycot) অভিযান চলে প্ৰায় এমাহৰো অধিক কাল। ইয়াৰ পাছতে নিৰ্মাতা গোষ্ঠীয়ে কৰীণাক বাদ দি কংগনাক সীতাৰ চৰিত্ৰত লোৱা বুলি খবৰ বিয়পি পৰিছে।
উল্লেখ্য যে কে ভি বিজয়েন্দ্ৰ প্ৰসাদ (KV Vijayendra Prasad) ৰামায়ণৰ অনুপম চৰিত্ৰ সীতাক লৈ এখন চিনেমাৰ স্ক্ৰীপ্ট লিখিছিল। তেওঁ হৈছে বিখ্যাত পৰিচালক এছএছ ৰাজামৌলী (SS Rajamouli)ৰ পিতৃ। কিন্তু চিত্ৰনাট্যৰ কথা প্ৰকাশ হোৱাৰ লগে লগে কৰীণাই সীতাৰ চৰিত্ৰত অভিনয় কৰিব বুলি বাতৰি বিয়পি পৰে আৰু অভিনেত্ৰীগৰাকীয়ে ১২ কোটি টকা দাবী কৰা খবৰে বিতৰ্কৰ সৃষ্টি কৰে।
বহুতেই কৰীণাৰ এনে কাণ্ডই হিন্দুসকলৰ ধৰ্মীয় অনুভূতিত আঘাত সনা বুলিও মন্তব্য কৰিছিল। কিন্তু শেহতীয়াকৈ কে ভি বিজয়েন্দ্ৰ প্ৰসাদে কয় যে সীতাৰ চৰিত্ৰৰ বাবে তেওঁ কোনোদিন কোনো নায়িকাৰ সৈতে কথা পতা নাই। তেওঁ লগতে এয়াও কয় যে সীতা চৰিত্ৰৰ বাবে তেওঁ ৰ পছন্দ হৈছে কংগনা ৰাণাৱট। উল্লেখ্য যে কংগনা ৰাণাৱট অভিনীত ছবি, মণিকৰ্নিকা আৰু থালাইভিৰ চিত্ৰনাট্য লিখিলছিল কে ভি বিজয়েন্দ্ৰ প্ৰসাদে ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|