Raj Kundra, kangana Ranaut : ৰাজ কুন্দ্ৰাৰ গ্ৰেপ্তাৰৰ পিছতে বলীউডক পুনৰ "নৰ্দমা" আখ্যা কংগনা ৰাণাৱটৰ, পোষ্ট ভাইৰেল।

News18 Assam | News18-Assam
Updated:July 20, 2021, 11:50 PM IST
Raj Kundra, kangana Ranaut : ৰাজ কুন্দ্ৰাৰ গ্ৰেপ্তাৰৰ পিছতে বলীউডক পুনৰ
"মই বলীউডৰ ভিতৰৰ জগতখন উদঙাই দিবলৈ গৈ আছোঁ...মই মোৰ পৰৱৰ্তী ফিল্ম 'টিকু ৱেডছ ছেৰু'ত এই কাহিনী দেখুৱাম।"

"মই বলীউডৰ ভিতৰৰ জগতখন উদঙাই দিবলৈ গৈ আছোঁ...মই মোৰ পৰৱৰ্তী ফিল্ম 'টিকু ৱেডছ ছেৰু'ত এই কাহিনী দেখুৱাম।"

  • Share this:
অভিনেত্ৰী কংগনা ৰাণাৱটে (kangana Ranaut) মুখ খুলিলেই যেন অগ্নি বৰষে। যি কোনো বিস্ফোৰক কথা নিৰ্ভয়ভাৱে কৈ পেলাব পাৰে কংগনাই। তদুপৰি বলীউডৰ চলতি ধাৰাক প্ৰতিও অতি বিদ্বেষী কংগনা ৰাণাৱট। সোমবাৰে ৰাজ কুন্দ্ৰা (Raj Kundra)ৰ গ্ৰেপ্তাৰৰ পিছত কংগনা ৰাণাৱট পুনৰ বলীউডৰ বিৰুদ্ধে খঙত ফাটি পৰিল। কংগনাই আজি দিয়া এটা পোষ্ট ভাইৰেল হৈ পৰিছে।

ইনষ্টাগ্ৰামত কংগনাই আপডেট দিয়ে এইদৰে, "এইটোৱেই কাৰণ যে মই ফিল্ম ইণ্ডাষ্ট্ৰীটোক এটা নৰ্দমা বুলি কওঁ। প্ৰতিটো উজ্জ্বল বস্তুৱেই সোণ নহয়...মই বলীউডৰ ভিতৰৰ জগতখন উদঙাই দিবলৈ গৈ আছোঁ...মই মোৰ পৰৱৰ্তী ফিল্ম 'টিকু ৱেডছ ছেৰু'ত এই কাহিনী দেখুৱাম। সৃষ্টিশীল ইণ্ডষ্ট্ৰীত আমাক শক্তিশালী মূল্যবোধ আৰু জ্ঞানৰ দৰকাৰ।"



উল্লেখ্য যে অভিনেত্ৰী শিল্পা ছেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাক পৰ্ণ ছবি নিৰ্মাণৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে সোমবাৰে।
Published by: Manjumoni Borah
First published: July 20, 2021, 11:48 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি