• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • দুৰ্গা পূজাৰ সময়তে কইনাৰ সাজত নেহা কক্কৰ! কাৰ সৈতে বিয়াত বহিব নেহা?

দুৰ্গা পূজাৰ সময়তে কইনাৰ সাজত নেহা কক্কৰ! কাৰ সৈতে বিয়াত বহিব নেহা?

চাৰি বছৰ ধৰি হিমাংশ কোহলীৰ সৈতে প্ৰমৰ সম্পৰ্ক আছিল নেহা কক্কৰৰ। সম্পৰ্ক শেষ হোৱাৰ পিছতে মানসিক অৱসাদত ভুগিছিল নেহা।

চাৰি বছৰ ধৰি হিমাংশ কোহলীৰ সৈতে প্ৰমৰ সম্পৰ্ক আছিল নেহা কক্কৰৰ। সম্পৰ্ক শেষ হোৱাৰ পিছতে মানসিক অৱসাদত ভুগিছিল নেহা।

চাৰি বছৰ ধৰি হিমাংশ কোহলীৰ সৈতে প্ৰমৰ সম্পৰ্ক আছিল নেহা কক্কৰৰ। সম্পৰ্ক শেষ হোৱাৰ পিছতে মানসিক অৱসাদত ভুগিছিল নেহা।

  • Share this:
নেহা কক্কৰ! বলীউদত অন্যতম জনপ্ৰিয় গায়িকা। নেহা দীৰ্ঘ সময় ধৰি আছে চৰ্চাত। অভিনেত্ৰীগৰাকীৰ বিয়াকলৈ চলিছে চৰ্চা। যদিও এয়াই প্ৰথম নহয়। ইয়াৰ আগতো বহুবাৰ নেহাৰ বিয়াকলৈ চলিছিল চৰ্চা। নেহাই ঘোষণা কৰিছিল যে, তেওঁ আদিত্য নাৰায়ণৰ সৈতে বিয়াত বহিব। সেই সময়ত এটা ৰিয়েলিটী শ্ব’ৰ মঞ্চলৈ আদিত্য নাৰায়ণৰ পিতৃ উদিত নাৰায়ণ নিজৰ পত্নীৰ সৈতে আহিছিল। অনুষ্ঠানটোত আছিল নেহাও। আৰু নেহা আৰু আদিত্য সঁচাকৈ বিবাহ পাশত আবদ্ধ হ’ব বুলি অনুষ্ঠানটোৰ মাজেৰে দেখুওৱা হৈছিল। কিন্তু শেষ পৰ্যন্ত সেয়া সম্ভৱ হৈ নুঠিল। আচলতে সেয়া আছিল এটা মিউজিক ভিডিঅ’ৰ প্ৰমোছন।

তাৰ পিছতে মুক্তি লাভ কৰে নেহা আৰু আদিত্যৰ মিউজিক ভিডিঅ’। ছুপাৰহিট হয় গীতটো। ইয়াৰ পিছত নেহাই আকৌ ক’লে নিজৰ বিয়াৰ কথা। এইবাৰ পঞ্জাৱী গায়ক ৰোহনপ্ৰীতৰ সৈতে অহা ২৪ অক্টোবৰত নেহা কক্কৰ বিবাহ পাশত আবদ্ধ হ’ব বুলি চৰ্চা চলিল। আকৌ দিলে ধামাকা। নেহাই নিজৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিলে ‘নেহা দ্য বিহা’ মিউজিক ভিডিঅ’ৰ পোষ্টাৰ। গীতটোত নেহাৰ লগতে কণ্ঠদান কৰিলে ৰোহনপ্ৰীতে।



কিন্তু প্ৰশ্ন উত্থাপিত হৈছে যে, নেহাই কি সঁচাকৈ বিয়াত বহিব নেকি এইবাৰ? নেহাই জনাইছে যে, ইয়াৰ পূৰ্বে হিমাংশ কোহলীৰ সৈতে চাৰি বছৰ ধৰি প্ৰেমৰ সম্পৰ্কত আছিল। পিছত সম্পৰ্ক ছেদ হোৱাত তেওঁ মানসিক অৱদাসতো ভুগিছিল। তাৰ পিছতে তেওঁ ৰোহনপ্ৰীতৰ সৈতে গঢ়ি তুলিলে প্ৰেমৰ সম্পৰ্ক। ২৪ তাৰিখে দুয়োৰে বিয়া হোৱাৰ কথা। তাৰ আগতে ছচিয়েল মিডিয়াত ব্যাপক ভাবে ভাইৰেল। নেহাৰ এই কইনাৰ সাজৰ ফটো।
Published by:Himangshu Bhuyan
First published: