অভিনেত্ৰী কাজল আগৰৱালক কাষত পোৱাৰ আশাত হেৰুৱালে ৬০ লাখ টকা

অভিনেত্ৰী কাজল আগৰৱালাক লগ কৰাই দিয়াৰ নামত প্ৰৱঞ্চকে মূৰ্খ সজালে এজন অনুৰাগীক।

News18-Assam
Updated:August 2, 2019, 2:40 PM IST
অভিনেত্ৰী কাজল আগৰৱালক কাষত পোৱাৰ আশাত হেৰুৱালে ৬০ লাখ টকা
অভিনেত্ৰী কাজল আগৰৱালাক লগ কৰাই দিয়াৰ নামত প্ৰৱঞ্চকে মূৰ্খ সজালে এজন অনুৰাগীক।
News18-Assam
Updated: August 2, 2019, 2:40 PM IST
প্ৰতিজন লোকৰে নিশ্চয় ছবি জগতৰ কোনোবা নহয় কোনোবাজন অভিনেতা বা অভিনেত্ৰী অতিকে আপোন। কিছুমান এনেকুৱা অনুৰাগীও আছে যিয়ে পছন্দৰ নায়ক বা নায়িকাগৰাকীক এবাৰ লগ পাবলৈ উত্ৰাৱল হৈ থাকে। আপোন নায়ক বা নায়িকাগৰাকীক লগ পাবলৈ যিকোনো কামেই কৰিবলৈ প্ৰস্তুত থাকে। কিন্তু নিজৰ পছন্দৰ নায়িকাগৰাকীক এবাৰ কাষৰ পৰা চোৱাৰ নামত সৰ্বস্বান্ত হ’ল এজন লোক। ঘটনাটো তামিলনাডুৰ ৰামনাথপুৰমৰ।

অভিনেত্ৰী কাজল আগৰৱালক লগ কৰাই দিয়াৰ নামত প্ৰৱঞ্চকে মূৰ্খ সজালে এজন অনুৰাগীক। কাজল আগৰৱালক এবাৰ কাষৰ পৰা চোৱাৰ খুব হেঁপাহ আছিল এইজন অনুৰাগীৰ। কাজলৰ বাবে সকলো কৰিবলৈ প্ৰস্তুত আছিল তেওঁ। আৰু সেই হেঁপাহৰ বাবেই আগ–গুৰি নাভাৱি সৰ্বস্বান্ত হ’বলগীয়া হ’ল লোকজন।



লোকজনে এটা ৱেবছাইটৰ কথা জানিব পাৰিলে যিয়ে তেওঁক কাজলৰ সৈতে সাক্ষাৎ কৰাই দিব পাৰে বুলি কোৱা কৈছিল। সপোনৰ নায়িকাগৰাকীক এবাৰ চোৱাৰ বাবে ৱেবচাইটৰ প্ৰলোভন সহজতে মানি লৈছিল লোকজনে।



কাজলৰ অনুৰাগীজনে ৱেবছাইটটোৰ ছেট বক্সত গৈ সোধা–পোছা কৰিলে। তাৰ পিছত ৱেবপেজ মেকাৰৰ ফালৰ পৰা তেওঁৰ পৰা ৫০ হাজাৰ টকা ব্যক্তিগত তথ্য বিচাৰিলে। এবাৰো নাভাৱি লোকজনে শীঘ্ৰে ৫০ হাজাৰ টকা ট্ৰান্সফাৰ কৰি দিলে। ইয়াৰ পিছত কাজলৰ অনুৰাগীজনৰ পৰা ধন দাবী কৰি গ’ল আৰু লোকজনে টকা পঠিয়াই থাকিল।



কেইবাবাৰো টকা দিয়াৰ পিছত যেদিয়া কাজলক সাক্ষাৎ কৰাই দিয়াৰ কোনো নাম নুলিয়ালে তেতিয়াহে সন্দেহ হ’ল লোকজনৰ। তাৰ পিছত তেওঁ টকা দিয়া বন্ধ কৰিলে। কিন্তু তেতিয়ালৈ কাজলৰ এইজন অনুৰাগীয়ে আদায় দিছিল প্ৰায় ৬০ লাখ টকা। আচৰিত কথাটো হ’ল, যেতিয়া লোকজনে টকা দিয়া বন্ধ কৰিলে ৱেবছাইটৰ গৰাকীয়ে তেওঁৰ ব্যক্তিগত তথ্য আৰু ফটো লীক কৰাৰ ভাবুকি দিয়ে।



এই ঘটনাৰ পিছত কাজলৰ অনুৰাগীজনে ঘৰ ত্যাগ কৰে। পিছত ঘটনা সন্দৰ্ভত অৱগত কৰোৱা হয় আৰক্ষীক। আৰক্ষীৰ তদন্তত পোহৰলৈ আহে যে এই ৱেবছাইটটো প্ৰৱঞ্চকৰ এটা দলে চলাই আছিল। ইফালে, আৰক্ষীয়ে ঘৰ ত্যাগ কৰা অনুৰাগীজনক উদ্ধাৰ কৰিছে। তেওঁৰ ভাষ্যৰ ভিত্তিত আৰক্ষীয়ে এটা প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি