৩ বছৰ আগতে কিয় ‘Bedroom Scene’ত অভিনয় কৰিবলৈ বাধ্য হৈছিল কাজল আগৰৱাল? পৰিচালকক দিলে ধিক্কাৰ

দক্ষিণ ভাৰতীয় অভিনেত্ৰী কাজল আগৰৱালৰ গুৰুতৰ অভিযোগ অভিনেতা পৰিচালক দীপক তিজৰীৰ বিৰুদ্ধে

News18-Assam
Updated:October 28, 2019, 9:05 PM IST
৩ বছৰ আগতে কিয় ‘Bedroom Scene’ত অভিনয় কৰিবলৈ বাধ্য হৈছিল কাজল আগৰৱাল? পৰিচালকক দিলে ধিক্কাৰ
দক্ষিণ ভাৰতীয় অভিনেত্ৰী কাজল আগৰৱালৰ গুৰুতৰ অভিযোগ অভিনেতা পৰিচালক দীপক তিজৰীৰ বিৰুদ্ধে
News18-Assam
Updated: October 28, 2019, 9:05 PM IST
দক্ষিণ ভাৰতীয় অভিনেত্ৰী কাজল আগৰৱালৰ গুৰুতৰ অভিযোগ অভিনেতা পৰিচালক দীপক তিজৰীৰ বিৰুদ্ধে। ২০১৬ চনত মুক্তি পোৱা ‘Do Lafzon Ki Kahani’ নামৰ বলীউদৰ ছবিখনত কাজল আগৰৱালক অনিচ্ছা স্বত্ত্বেও বাধ্য কোৰোৱা হৈছিল ‘Bedroom Scene’ত অভিনয় কৰিবৰ কাৰণে। অভিনেত্ৰীগৰাকীয়ে সমগ্ৰ ঘটনাটোৰ বাবে দায়ী কৰিছে ছবিখনৰ পৰিচালকগৰাকীক।

ছবিখনত অভিনেতা ৰণদ্বীপ হুদাৰ সৈতে অভিনেত্ৰী কাজল আগৰৱালৰ আছিল বহুকেইটা আপত্তিজনক Scene। ছবিখন আছিল অভিনেত্ৰী কাজল আগৰৱালৰ প্ৰথম খন বলীউডৰ ছবি।

লগতে পঢ়ক–  ইটোৰ পিছত সিটো ভোজপুৰী গীতে অতিক্ৰম কৰিছে বলীউদক! কাজল ৰাঘবানীৰ জোৰদাৰ গীতে সৃষ্টি কৰিছে ধুমুহাৰ



ছবিখন মুক্তিৰ প্ৰায় তিনি বছৰৰ পিছত পৰিচালকৰ বিৰুদ্ধে আনিছে বহুকেইটা অভিযোগ। অভিনেত্ৰীগৰাকীয়ে কয় যে, অনিচ্ছা স্বত্ত্বেও তেনে দৃশ্যত অভিনেত্ৰীগৰাকীক অভিনয় কৰিবলৈ বাধ্য কৰালে পৰিচালক দীপক তিজৰীয়ে। যেতিয়া ছবিখনৰ বাবে অভিনেত্ৰীগৰাকীক চুক্তিবদ্ধ কৰা হৈছিল, তেতিয়া তেনে কোনো আপত্তিজনক দৃশ্য থাকিব বুলি কোৱা হোৱা নাছিল অভিনেত্ৰীগৰাকীক।



কিন্তু সেই সময়ত বলীউদত একেবাৰে নতুন আছিল কাৰণে প্ৰতিবাদ কৰিবলৈ সাহস কৰা নাছিল অভিনেত্ৰীগৰাকীয়ে। কিন্তু এতিয়া অভিনেত্ৰী কাজলৰ দ্বাৰা Scene কৰোৱাত ধিক্কাৰ দিছে অভিনেত্ৰীগৰাকীয়ে। লগতে কোনো দিন আৰু দীপক তিজৰীৰ ছবিত কাম নকৰাৰ সিদ্ধান্তও লৈছে অভিনেত্ৰীগৰাকীয়ে।

 

 
আৰু চাওক পৰৱৰ্তী বাতৰি