অভিনেতা জন আব্ৰাহামৰ আছে কেইবাখনো বিলাসী বাইক, ভিডিঅ’ পোষ্ট কৰি দেখুৱালে কালেকশ্যন, চাওক VIDEO

News18-Assam
Updated:November 24, 2019, 8:44 AM IST
অভিনেতা জন আব্ৰাহামৰ আছে কেইবাখনো বিলাসী বাইক, ভিডিঅ’ পোষ্ট কৰি দেখুৱালে কালেকশ্যন, চাওক VIDEO
শেহতীয়াকৈ ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰি জনে দেখুৱালে নিজৰ গেৰেজত থকা বাইকৰ কালেকশ্যন।

শেহতীয়াকৈ ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰি জনে দেখুৱালে নিজৰ গেৰেজত থকা বাইকৰ কালেকশ্যন।

  • Share this:
বলীউদৰ অভিনেতা জন আব্ৰাহামে বাইক চলাই ভাল পায়। আৰু সেয়েহে জনে নিজৰ ঘৰত ৰাখিছে কেইবাখনো বিলাসী বাইক। শেহতীয়াকৈ ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰি জনে দেখুৱালে নিজৰ গেৰেজত থকা বাইকৰ কালেকশ্যন। জনৰ আছে Kawasaki Ninja ZX-14 Rৰ পৰা Aprilia RSV4 RFলৈ।

ভিডিঅ’টোত জনে Kawasaki Ninja ZX-14R বাইকখন দেখুৱাইছে যিখনৰ আছে চাৰিটা চিলিণ্ডাৰযুক্ত ১৪৪১ চিচিৰ ইঞ্জিন। ইয়াৰ উপৰি জনৰ আছে Aprilia RSV4 RF যিখনৰ আছে চাৰিটা চিলিণ্ডাৰযুক্ত ৯৯৯ চিচিৰ ইঞ্জিন।

তাৰ পিছতে জনে দেখুৱাইছে গেৰেজত থকা Yamaha - the YFZ-R1 বাইকখন। তেওঁ কয় যে য়ামাহা আৰ ১৯৯৮ চিচিৰ সৈতে চাৰিটা চিলিণ্ডাৰযুক্ত ইঞ্জিন আছে এই বাইকখনত।

ইয়াৰ পিছতে অভিনেতাজনে নতুন Ducati Panigale V4 বাইকখন দেখুৱাইছে। চলিত বৰ্ষৰ সৰ্বাধিক পছন্দৰ বাইক এইখন। এই ইটালিয়ান বাইকখনত ১১০৩ চিচি, ৯০ ডিগ্ৰী V4 ইঞ্জিন আছে যিটোৱে ২১১ চিচি আৰু ১২৪ এনএমৰ টাৰ্ক জেনেৰেট কৰে।

জনৰ ওচৰত আছে MV Agusta F3 800 বাইকখনো, যিখনত আছে ৭৯৮ চিচিৰ ছুপাৰ কুলড ইঞ্জিন। ইয়াৰ উপৰি জনৰ আছে য়ামাহা ভিমেক্স বাইকো। এই বাইকখন ১৬৯৯ চিচিৰ ভি–টুইন ইঞ্জিন আছে।



 




View this post on Instagram




 

My babies !! . . #superbikes


A post shared by John Abraham (@thejohnabraham) on






NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি