உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • জুবিন গাৰ্গেই সাহস দিলে, ৰত্নাকৰৰ সফলতাত আছে জুবিন গাৰ্গৰ অনবদ্য অৱদানঃ যতীন বৰা

    জুবিন গাৰ্গেই সাহস দিলে, ৰত্নাকৰৰ সফলতাত আছে জুবিন গাৰ্গৰ অনবদ্য অৱদানঃ যতীন বৰা

    প্ৰতি বছৰেই এখনকৈ বিগ বাজেটৰ অসমীয়া ছবি দৰ্শকক উপহাৰ দিয়াৰ প্ৰতিশ্ৰুতি অভিনেতা যতীন বৰাৰ

    প্ৰতি বছৰেই এখনকৈ বিগ বাজেটৰ অসমীয়া ছবি দৰ্শকক উপহাৰ দিয়াৰ প্ৰতিশ্ৰুতি অভিনেতা যতীন বৰাৰ

    প্ৰতি বছৰেই এখনকৈ বিগ বাজেটৰ অসমীয়া ছবি দৰ্শকক উপহাৰ দিয়াৰ প্ৰতিশ্ৰুতি অভিনেতা যতীন বৰাৰ

    • Share this:
      অসমীয়া চিনেমাৰ এক জনপ্ৰিয় যুটি ‘জুবিন আৰু যতীন’। এটা সময় আছিল যতীন বৰাৰ অভিনয়, জুবিন গাৰ্গৰ সংগীত মানে চিনেমা হিট। সেইদিন যেন আকৌ ঘূৰি আহিছে অসমীয়া ছবি জগতলৈ। ৰত্নাকৰে যেন আকৌ এবাৰ পুণৰাবৃত্তি কৰিছে অসমীয়া ছবিৰ সেই সোণালী অধ্যায়ৰ।

      ১১ অক্টোবৰত মুক্তিলাভ কৰা ৰত্নাকৰলৈ অসমবাসীৰ ব্যাপক সঁহাৰি। মুক্তিৰ প্ৰথম দিনাই ছবিখনে সংগ্ৰহ কৰিছে ৪১ লাখ টকা। ৰত্নাকৰৰ এই সফলতাত অভিনেতা যতীন বৰাই ধন্যবাদ জনাইছে জুবিন গাৰ্গক। মিছন চাইনা ছবিখনৰ পিছত যতীন বৰাক এখন ডাঙৰ ছবি নিৰ্মাণ কৰিবলৈ সাহস দিছিল জুবিন গাৰ্গে। সেইদৰে ৰত্নাকৰৰ সফলতাত জুবিন গাৰ্গৰ অনবদ্য অৱদান থকাৰ কথা একে মুখে স্বীকাৰ কৰে অভিনেতা যতীন বৰাই। সেইদৰে ৰত্নাকৰ ছবিখন যতীন–জুবিনৰ ছবি বুলিও লগতে উল্লেখ কৰে অভিনেতাগৰাকীয়ে।

       
      First published: