বহু প্ৰতীক্ষাৰ অন্তত মঙলবাৰে মুক্তি পালে যতীন বৰাৰ বহুপ্ৰত্যাশিত ছবি ৰত্নাকৰৰ অফিচিয়েল ট্ৰেইলাৰ। ইতিমধ্যে মুক্তিপোৱা ছবিখনৰ গীত আৰু টিজাৰে অসমৰ চলচিত্ৰ অনুৰাগীৰ পৰা লাভ কৰিছে আশাপ্ৰদ সঁহাৰি। JB Production ৰ বেনাৰত নিৰ্মাণ কৰা ছবিখন প্ৰযোজনা কৰিছে যতীন বৰা আৰু নৱনীতা শৰ্মাই।
Youtubeযোগে যতীন বৰাৰ অভিনীত আৰু পৰিচালিত ছবি ৰত্নাকৰৰ ট্ৰেইলাৰ মুকলি হোৱাৰ পিছত এতিয়া ছবিখনৰ প্ৰতি দৰ্শকৰ বৃদ্ধি পাইছে উৎসুকতা। মুক্তিৰ সম্পূৰ্ণ এদিন নহওতেই ৰত্নাকৰৰ ট্ৰেইলাৰে Youtube ত অতিক্ৰম কৰিছে 250K ৰ সীমা।
![]()
অহা ১১ অক্টোবৰত মুক্তিলাভ কৰিবলগীয়া ছবিখনে দৰ্শকৰ পৰা যে আশাপ্ৰদ সঁহাৰি লাভ কৰিব সেয়া নিশ্চিত।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|