মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Kangana Ranaut as Radha : জন্মাষ্টমীত ৰাধাৰ বেশত সাজি ওলাল কংগনা ৰাণাৱট, কিদৰে কৰিছে কৃষ্ণৰ আৰতি

Kangana Ranaut as Radha : জন্মাষ্টমীত ৰাধাৰ বেশত সাজি ওলাল কংগনা ৰাণাৱট, কিদৰে কৰিছে কৃষ্ণৰ আৰতি

News18 Assam | News18-Assam
Updated:August 30, 2021, 8:12 PM IST
Kangana Ranaut as Radha : জন্মাষ্টমীত ৰাধাৰ বেশত সাজি ওলাল কংগনা ৰাণাৱট, কিদৰে কৰিছে কৃষ্ণৰ আৰতি
জন্মাষ্টমী (Janmashtami 2021)ত কংগনা ৰাণাৱট (Kangana Ranaut)এ তেওঁৰ ইনষ্টাগ্ৰাম ষ্টোৰীত এখন ফটো শ্বেয়াৰ কৰিছে। য'ত তেওঁ ৰাধা (Radha) সাজি শ্ৰীকৃষ্ণ (Lord Krishna)ৰ আৰতি কৰিছে।

জন্মাষ্টমী (Janmashtami 2021)ত কংগনা ৰাণাৱট (Kangana Ranaut)এ তেওঁৰ ইনষ্টাগ্ৰাম ষ্টোৰীত এখন ফটো শ্বেয়াৰ কৰিছে। য'ত তেওঁ ৰাধা (Radha) সাজি শ্ৰীকৃষ্ণ (Lord Krishna)ৰ আৰতি কৰিছে।

  • Share this:
জন্মাষ্টমী (Janmashtami 2021) উৎসৱ আজি সমগ্ৰ দেশতে ধুম-ধামেৰে পালন কৰা হৈছে। শ্ৰীকৃষ্ণ জন্মাষ্টমী হিন্দুসকলৰ এটা অন্যতম পৱিত্ৰ উৎসৱ। আজিকালি ছচিয়েল মিডিয়াৰ দিনত ইজনে সিজনক জন্মাষ্টমীৰ অভিনন্দন জনোৱাও দেখা গৈছে। জন্মাষ্টমীৰ দিনা বহুতেই কোনোবাই শ্ৰীকৃষ্ণ বা কোনোবাই ৰাধাৰ বেশত সাজি-কাছি ওলায়।

বলীউডৰ তাৰকাসকলেও জন্মাষ্টমী উপলক্ষে বিশেষ সাজেৰে সাজি আজি পোষ্ট শ্বেয়াৰ কৰি সামাজিক মাধ্যমৰ জৰিয়তে অনুৰাগীসকলক অভিনন্দন জনাইছে। কংগনা ৰাণাৱটৰ (Kangana Ranaut)ৰ পৰা নীতু কাপুৰলৈকে জন্মাষ্টমীত অনুৰাগীসকলক শুভেচ্ছা জনাইছে।

কংগনা ৰাণাৱটে তেওঁৰ ইনষ্টাগ্ৰাম ষ্টোৰীত এখন ফটো শ্বেয়াৰ কৰিছে। য'ত তেওঁ ৰাধা সাজি শ্ৰীকৃষ্ণৰ আৰতি কৰিছে। ৰঙা সাজ আৰু পৰম্পৰাগত অলংকাৰ পিন্ধি ফটোখন শ্বেয়াৰ কৰিছে কংগনাই। তেওঁ ফটোখনত  '#Shrinathji #jaishrikrishna' বুলি কেপচন লিখিছিল। ফটোখনত ৰাজস্থানী সাজত কংগনাক ধুনীয়া দেখাইছে। কংগনাক চাৰিওফালে ঘেৰি আছে এটা বিশাল ভিৰে।
Published by: Manjumoni Borah
First published: August 30, 2021, 6:44 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি