ভোকাতুৰ শিশুক খাদ্য দিলে অভিনেত্ৰী জাহ্নৱী কাপুৰে, মাতৃক দিলে পইচা, চাওক VIDEO

বান্দ্ৰাস্থিত এখন চেলুনত এইদৰে দেখা গ’ল জাহ্নৱীক। জাহ্নৱীয়ে গাড়ীৰ পৰা নমাৰ সময়তে ওচৰলৈ আহে এটি কণমানি শিশু। শিশুটিয়ে জাহ্নৱীক কয় যে তাৰ ভোক লাগিছে।

News18-Assam
Updated:November 1, 2019, 3:08 PM IST
ভোকাতুৰ শিশুক খাদ্য দিলে অভিনেত্ৰী জাহ্নৱী কাপুৰে, মাতৃক দিলে পইচা, চাওক VIDEO
বান্দ্ৰাস্থিত এখন চেলুনত এইদৰে দেখা গ’ল জাহ্নৱীক। জাহ্নৱীয়ে গাড়ীৰ পৰা নমাৰ সময়তে ওচৰলৈ আহে এটি কণমানি শিশু। শিশুটিয়ে জাহ্নৱীক কয় যে তাৰ ভোক লাগিছে।
News18-Assam
Updated: November 1, 2019, 3:08 PM IST
বলীউদৰ তাৰকাসকল যেতিয়া বাহিৰলৈ ওলালেই ভিৰ কৰেহি অনুৰাগীসকলে। এনে অৱস্থাত প্ৰতিজন অনুৰাগীৰ ওপৰত গুৰুত্ব দিয়াটো তাৰকাসকলৰ বাবে অসম্ভৱ হৈ পৰে। কিন্তু কিছুমান এনে তাৰকাও আছে, যিয়ে ভিৰৰ মাজতো প্ৰয়োজনত কিছুমান কাম কৰি যায়। এনে তাৰকাই নিজৰ কামেৰে অনুৰাগীৰ অন্তৰ জয় কৰে।

শেহতীয়াকৈ জাহ্নৱী কাপুৰৰ এটা ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। জাহ্নৱীয়ে এটি ভোকাতুৰ শিশুক নিজৰ গাড়ীৰ পৰা কিছু খাদ্য সামগ্ৰী উলিয়াই দিয়াৰ লগতে শিশুটিৰ মাতৃকো দিলে পইচা।

বান্দ্ৰাস্থিত এখন চেলুনত এইদৰে দেখা গ’ল জাহ্নৱীক। জাহ্নৱীয়ে গাড়ীৰ পৰা নমাৰ সময়তে ওচৰলৈ আহে এটি কণমানি শিশু। শিশুটিয়ে জাহ্নৱীক কয় যে তাৰ ভোক লাগিছে। এই কথা শুনি জাহ্নৱীয়ে গাড়ীৰ পৰা নিজৰ বাবে ৰখা বিস্কুটৰ পেকেট উলিয়াই খাবলৈ দিয়ে শিশুটিক।

তাৰ পিছতে বেলুন বিক্ৰী কৰি থকা শিশুটিৰ মাতৃয়েও জাহ্নৱীৰ পৰা পইচা বিচাৰে। জাহ্নৱীয়ে চেলুনৰ ভিতৰলৈ গৈ পুনৰ শিশুটিক মাতে আৰু কিছু পইচা দিয়ে। জাহ্নৱীৰ এই বদান্যতাই অনুৰাগীৰ অন্তৰ জয় কৰিছে। সকলোৱে এই কামৰ বাবে প্ৰশংসাৰে ওপচাই পেলাইছে জাহ্নৱীক।



 





View this post on Instagram




 

#janhvikapoor snapped at salon in bandra today #viralbayani @viralbhayani


A post shared by Viral Bhayani (@viralbhayani) on





NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি