৬ বছৰে পালন কৰা নাই কোনো উৎসৱ, কেণ্টিনত বাচন ধোৱা এইগৰাকী প্ৰতিযোগীক নেহা কক্কৰে দিলে ১ লাখ টকাৰ দীপাৱলী উপহাৰ, চাওক VIDEO

ইণ্ডিয়ান আইডলৰ মঞ্চত এইগৰাকী প্ৰতিযোগীৰ দুখৰ কাহিনী শুনি আবেগিক হৈ পৰে নেহা কক্কৰ। ৬ বছৰ দীপাৱলী পালন কৰি নোপোৱা প্ৰতিযোগীগৰাকীক নেহাই দিলে ১ লাখ টকাৰ উপহাৰ।

News18-Assam
Updated:October 29, 2019, 2:06 PM IST
৬ বছৰে পালন কৰা নাই কোনো উৎসৱ, কেণ্টিনত বাচন ধোৱা এইগৰাকী প্ৰতিযোগীক নেহা কক্কৰে দিলে ১ লাখ টকাৰ দীপাৱলী উপহাৰ, চাওক VIDEO
ইণ্ডিয়ান আইডলৰ মঞ্চত এইগৰাকী প্ৰতিযোগীৰ দুখৰ কাহিনী শুনি আবেগিক হৈ পৰে নেহা কক্কৰ। ৬ বছৰ দীপাৱলী পালন কৰি নোপোৱা প্ৰতিযোগীগৰাকীক নেহাই দিলে ১ লাখ টকাৰ উপহাৰ।
News18-Assam
Updated: October 29, 2019, 2:06 PM IST
ইণ্ডিয়ান আইডলৰ মঞ্চত বিচাৰকৰ আসন শুৱনি কৰা নেহা কক্কৰক প্ৰায়ে প্ৰতিযোগীৰ দুখৰ কাহিনী শুনি আবেগিক হৈ পৰা দেখা যায়। বহু সময়ত নেহাক মঞ্চতে চকুপানী টোকাও দেখা যায়। নিজৰ আবেগিক স্বভাৱৰ বাবে প্ৰায়ে ছচিয়েল মিডিয়াত চৰ্চাত থাকে নেহা কক্কৰ।

শেহতীয়াকৈ ইণ্ডিয়ান আইডলৰ মঞ্চত এজন প্ৰতিযোগীৰ কাহিনী শুনি আবেগিক হৈ পৰে নেহা কক্কৰ। মঞ্চত প্ৰতিযোগীগৰাকীয়ে কয় যে ৬ বছৰ ধৰি তেওঁ কোনো উৎসৱ পালন কৰি পোৱা নাই। দীপাৱলীৰ সময়তো যেতিয়া সকলোৱে ফটকা ফুটাই আনন্দ কৰে, সেই সময়তো তেওঁ কেণ্টিনত বাচন ধোৱা কাম কৰি থাকিবলগীয়া হয়।

প্ৰতিযোগীজনৰ এই দুখৰ কাহিনী শুনি আবেগিক হৈ পৰে নেহা। আৰু তাৰ পিছতে দীপাৱলী পালন কৰিবলৈ প্ৰতিযোগীজনক ১ লাখ টকাৰ উপহাৰ দিয়াৰ কথা ঘোষণা কৰে বলীউদৰ জনপ্ৰিয় গায়িকাগৰাকীয়ে।

নেহাই কয় – আপুনি দিপাৱলীত ঘৰলৈ যাওক আৰু দীপাৱলী পালন কৰক। সকলোৰে বাবে মিঠাই, কাপোৰ লৈ যাব আৰু যাওঁতে বিমানেৰে যাব। ছনী টিভিয়ে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম পেজত শ্বেয়াৰ কৰিছে এই ভিডিঅ’।



NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি