নেহা কক্কৰক মঞ্চতে বলপূৰ্বক চুমা খালে ইণ্ডিয়ান আইডলৰ প্ৰতিযোগীয়ে, হতভম্ব সকলো, চাওক VIDEO

প্ৰতিযোগীগৰাকীৰ এনে ব্যৱহাৰ দেখি তুৰন্তে পিছুৱাই আহে নেহা কক্কৰ। ঘটনা দেখি উপস্থিত বিচাৰক অনু মালিক, বিশাল দাদলানী আৰু এংকৰ আদিত্য নাৰায়ণ হতভম্ব হৈ পৰে।

News18-Assam
Updated:October 20, 2019, 1:38 PM IST
নেহা কক্কৰক মঞ্চতে বলপূৰ্বক চুমা খালে ইণ্ডিয়ান আইডলৰ প্ৰতিযোগীয়ে, হতভম্ব সকলো, চাওক VIDEO
প্ৰতিযোগীগৰাকীৰ এনে ব্যৱহাৰ দেখি তুৰন্তে পিছুৱাই আহে নেহা কক্কৰ। ঘটনা দেখি উপস্থিত বিচাৰক অনু মালিক, বিশাল দাদলানী আৰু এংকৰ আদিত্য নাৰায়ণ হতভম্ব হৈ পৰে।
News18-Assam
Updated: October 20, 2019, 1:38 PM IST
সংগীতৰ ৰিয়েলিটী শ্ব’ Indian Idol 11ৰ মঞ্চত অতৰ্কিতে চুমা খালে এগৰাকী প্ৰতিযোগীয়ে। নেহাৰ সৈতে ঘটা এই অপ্ৰত্যাশিত ঘটনা প্ৰত্যক্ষ কৰি আচৰিত হয় এংকৰ আদিত্য নাৰায়ণৰ লগতে বিচাৰক অনু মালিক আৰু বিশাল দাদলানীও। নেহা ইণ্ডিয়ান আইডল ১১ ছিজনৰ বিচাৰক। প্ৰায়ে নেহাক প্ৰতিযোগীৰ আবেগিক কাহিনী শুনি এই শ্ব’ত আবেগিক হৈ পৰা দেখা যায়। কিন্তু এজন অনুৰাগী প্ৰতিযোগীয়ে এনেকুৱা কাণ্ড সংঘটিত কৰাত হতভম্ব হৈ পৰে নেহা।

মিলন ৰাজপুত নামৰ প্ৰতিযোগীগৰাকী নেহাৰ একান্ত অনুৰাগী। আনকি প্ৰতিযোগীগৰাকীয়ে হাতত টেটো কৰি লিখি লৈছে নেহা কক্কৰৰ নাম। ইণ্ডিয়ান আইডলৰ মঞ্চত নেহাৰ বাবে বিভিন্ন উপহাৰ লৈ প্ৰৱেশ কৰিছিল প্ৰতিযোগীগৰাকীয়ে। নেহাই আসনৰ পৰা উঠি গৈ মঞ্চত প্ৰতিযোগীগৰাকীৰ পৰা গ্ৰহণ কৰে উপহাৰ। উপহাৰ লৈ নেহাই আলিংগন কৰাৰ সময়তে প্ৰতিযোগীগৰাকীয়ে নেহাৰ গালত বলপূৰ্বকভাৱে চুমা দিয়ে।

প্ৰতিযোগীগৰাকীৰ এনে ব্যৱহাৰ দেখি তুৰন্তে পিছুৱাই আহে নেহা কক্কৰ। ঘটনা দেখি উপস্থিত বিচাৰক অনু মালিক, বিশাল দাদলানী আৰু এংকৰ আদিত্য নাৰায়ণ হতভম্ব হৈ পৰে।





NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি