নেহা কক্কৰক ইণ্ডিয়ান আইডলৰ প্ৰতিযোগীৰ বলপূৰ্বক চুমা, কিয় নীৰৱে বহি থাকিল বিশাল দাদলানী?

ছচিয়েল মিডিয়াত এই প্ৰশ্নৰ জোৱাৰ উঠিছে। বিশেষকৈ এনেধৰণৰ ঘটনাক লৈ প্ৰায়ে মাত মতা বিশাল দাদলানীক এই প্ৰশ্ন কৰিছে বহুতে।

News18-Assam
Updated:October 22, 2019, 9:06 AM IST
নেহা কক্কৰক ইণ্ডিয়ান আইডলৰ প্ৰতিযোগীৰ বলপূৰ্বক চুমা, কিয় নীৰৱে বহি থাকিল বিশাল দাদলানী?
ছচিয়েল মিডিয়াত এই প্ৰশ্নৰ জোৱাৰ উঠিছে। বিশেষকৈ এনেধৰণৰ ঘটনাক লৈ প্ৰায়ে মাত মতা বিশাল দাদলানীক এই প্ৰশ্ন কৰিছে বহুতে।
News18-Assam
Updated: October 22, 2019, 9:06 AM IST
জনপ্ৰিয় কণ্ঠশিল্পী নেহা কক্কৰক সংগীতৰ ৰিয়েলিটী শ্ব’ ‘ইণ্ডিয়ান আইডল ১১’ৰ মঞ্চত এজন প্ৰতিযোগীয়ে বলপূৰ্বক চুমা খোৱাক লৈ সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ। নেহাৰ সৈতে ঘটা এই ঘটনাক লৈ তাত উপস্থিত থকা শ্ব’টোৰ আঁত ধৰোতা আদিত্য নাৰায়ণ, বিচাৰক বিশাল দাদলানী আৰু অনু মালিকো হতভম্ব হৈ পৰে। কিন্তু প্ৰশ্ন উত্থাপন হৈছে যে প্ৰতিযোগীজনৰ এনেকুৱা আচৰণৰ পিছতো শ্ব’ত বহি থকা বিচাৰক তথা শ্ব’ৰ নিৰ্মাতাই কিয় কোনো ব্যৱস্থা নল’লে? ছচিয়েল মিডিয়াত এই প্ৰশ্নৰ জোৱাৰ উঠিছে। বিশেষকৈ এনেধৰণৰ ঘটনাক লৈ প্ৰায়ে মাত মতা বিশাল দাদলানীক এই প্ৰশ্ন কৰিছে বহুতে।

নেহাৰ সৈতে ঘটা এই ঘটনাক লৈ ছচিয়েল মিডিয়াত এজন লোকে সোধা প্ৰশ্নৰ উত্তৰত বিশাল দাদলানীয়ে লিখিছে – ‘মই কৈছিলো যি আৰক্ষীক খবৰ দিওঁ, কিন্তু নেহাই তেওঁক আৰক্ষীক গতাই নিদিয়াৰ সিদ্ধান্ত ল’লে। তেওঁক সঁচাকৈ মানসিক চিকিৎসাৰ প্ৰয়োজন আছে, আৰু যদি আমি পাৰো তেন্তে সেয়া কৰিবলৈ চেষ্টা কৰিম।’


উল্লেখযোগ্য যে শেহতীয়াকৈ ইণ্ডিয়ান আইডলৰ মঞ্চত এজন প্ৰতিযোগীয়ে নেহা কক্কৰক বলপূৰ্বক চুমা খাইছিল। মিলন ৰাজপুত নামৰ প্ৰতিযোগীজনে নেহাৰ বাবে বহু উপহাৰ লৈ উপস্থিত হৈছিল মঞ্চত। উপহাৰ দিয়াৰ পিছত যেতিয়া নেহাই তেওঁ আলিংগন কৰিছিল, সেই সময়তে বলপূৰ্বক চুমা খাইছিল প্ৰতিযোগীজনে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি