ৰান মাত্ৰ ৩৬! ছানী লিয়নীৰ হাততে পৰাস্ত হ’ল ভাৰতীয় ক্ৰিকেট দল! একাংশ মহিলা সংগঠনে দিলে ধিক্কাৰ

News18 Assam | News18-Assam
Updated:December 23, 2020, 2:28 PM IST
ৰান মাত্ৰ ৩৬! ছানী লিয়নীৰ হাততে পৰাস্ত হ’ল ভাৰতীয় ক্ৰিকেট দল! একাংশ মহিলা সংগঠনে দিলে ধিক্কাৰ
কিয় ছানী লিয়নীৰ সৈতে তুলনা কৰিলে ভাৰতীয় ক্ৰিকেট দলক?

কিয় ছানী লিয়নীৰ সৈতে তুলনা কৰিলে ভাৰতীয় ক্ৰিকেট দলক?

  • Share this:
এডিলেডৰ প্ৰথম টেষ্টৰ দ্বিতীয় ইনিংছত মাত্ৰ ৩৬ ৰানতে ইনিংছ সামৰিছিল ভাৰতীয় দলে। ইয়াৰ পিছৰ পৰাই সৰ্বত্ৰ ব্যাপক সমালোচনাৰ সন্মুখীন হৈছে ভাৰতীয় দল। এই লজ্জাজনক ইনিংছৰ পিছত ভাৰতীয় দলৰ বেটিং অৰ্ডাৰকলৈ উত্থাপিত হৈছে প্ৰশ্ন। টেষ্ট ক্ৰিকেটত সৰ্বনিম্ন স্কৰ সহ একাধিক পৰিসংখ্যাক লৈ বিভিন্ন মহলত আলোচনা চলিছে। কিন্তু এই সময়তে ভাৰতীয় দলৰ সৈতে তুলনা কৰি কিয় ব্যাপক ট্ৰ’লৰ সন্মুখীন হৈছে ছানী লিয়নী?



এডিলডত ব্যৰ্থ ভাৰতীয় দল। কিন্তু ছচিয়েল মিডিয়াত ভাৰতীয় অনুৰাগীৰ ক্ষোভ, হতাশাৰ চিকাৰ হৈছে ছানী লিয়নী। বহুতে টুইটাৰত শ্বেয়াৰ কৰিছে পোষ্ট। ক্ৰিকেটৰ সৈতে ছানী লিয়নীৰ যদিও কোনো সম্পৰ্ক নাই, তথাপিও ব্যংগাত্মক ভাবে ছানী লিয়নীক ট্ৰ’ল কৰা আৰম্ভ কৰা হৈছে।


ইটোৰ পিছত সিটো টুইট কৰিছে এই সন্দৰ্ভত। ভাৰতীয় ক্ৰিকেট দলৰ সৰ্বনিম্ন স্ক’ৰক তুলনা কৰিছে ছানী লিয়নীৰ অন্তৰ্বাসৰ চাইজৰ সৈতে। বহু টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখিছে, ৩৬ত কৈ বেছি স্ক’ৰ কৰিলে ছানী লিয়নীয়ে। কোনোৱে লিখিছে- গোটেই টীমে মিলি সংগ্ৰহ কৰিলে ৩৬ ৰান। ছানী লিয়নীৰ অন্তৰ্বাসৰ চাইজ ৩৮। গতিকে ২ ৰানত জিকিল ছানী লিয়নী।



প্ৰতিটো টুইট, ৰিটুইটত নানা ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কমেণ্ট বক্সটো একেই ছবি স্পষ্ট। কিন্তু ছানী লিয়নীক অনাহকত এনেদৰে অশালীন ভাবে বিতৰ্কৰ মাজলৈ টানি অনাত প্ৰতিবাদো কৰিছে আন একাংশই। বিশেষকৈ ধিক্কাৰ দিছে মহিলাসকলে। এই ধৰণ পোষ্ট শ্বেয়াৰ কৰি নিম্ন মানসিকতাৰ পৰিচয় দিছে বুলি উল্লেখ কৰিছে মহিলাসকলে।
Published by: Himangshu Bhuyan
First published: December 23, 2020, 2:28 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি