• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Entertainment : OTT প্লেটফৰ্মতেই মুক্তি লাভ কৰিব পাৰে শিল্পা চেট্টী আৰু পৰেশ ৰাৱাল অভিনীত "Hungama 2"...

Entertainment : OTT প্লেটফৰ্মতেই মুক্তি লাভ কৰিব পাৰে শিল্পা চেট্টী আৰু পৰেশ ৰাৱাল অভিনীত "Hungama 2"...

'হাংগামা ২'ৰ টাইটেল ট্ৰেক শ্বুটিং কৰাৰ পিছত ছবিখনৰ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। ছবিখনত আশুতোষ ৰাণা, মনোজ যোশী, ৰাজপাল যাদৱ, জনি লিভাৰ আৰু টিকু তালছানিয়াই অভিনয় কৰিছে।

'হাংগামা ২'ৰ টাইটেল ট্ৰেক শ্বুটিং কৰাৰ পিছত ছবিখনৰ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। ছবিখনত আশুতোষ ৰাণা, মনোজ যোশী, ৰাজপাল যাদৱ, জনি লিভাৰ আৰু টিকু তালছানিয়াই অভিনয় কৰিছে।

'হাংগামা ২'ৰ টাইটেল ট্ৰেক শ্বুটিং কৰাৰ পিছত ছবিখনৰ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। ছবিখনত আশুতোষ ৰাণা, মনোজ যোশী, ৰাজপাল যাদৱ, জনি লিভাৰ আৰু টিকু তালছানিয়াই অভিনয় কৰিছে।

  • Share this:
অনুৰাগীসকলে শিল্পা চেট্টী (Shilpa Shetty) আৰু পৰেশ ৰাৱাল (Paresh Rawal) অভিনীত 'হাংগামা  ২' (Hungama 2)ৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে।  এই বছৰতেই ছবিখনে মুক্তি লাভ কৰাৰ কথা আছিল, কিন্তু কোৰোনা ভাইৰাছৰ দ্বিতীয় ঢৌৰ বাবে সম্প্ৰতি দেশৰ বেছিভাগ ৰাজ্যতে লকডাউন জাৰি কৰা হৈছে আৰু পৰৱৰ্তী নিৰ্দেশলৈকে ছবিগৃহসমূহ বন্ধ ৰখা হৈছে। তেনেস্থলত থিয়েটাৰসমূহ শীঘ্ৰেই খুলি দিয়াৰ আশা  নাই। এনে পৰিস্থিতিত, ছবিখন থিয়েটাৰত মুক্তি দিয়াটো কঠিন যেন লাগিছে । এই ছবিখনৰ পৰিচালনা কৰিছে প্ৰিয়দৰ্শনে (Priyadarshan) ।

পিংকভিলাৰ এক প্ৰতিবেদন অনুসৰি, কোৰোনাৰ দ্বিতীয় ঢৌৰ প্ৰতি লক্ষ্য ৰাখি 'হাংগামা ২' ছবিখন অনলাইন ষ্ট্ৰীমিং প্লেটফৰ্মত (OTT) মুক্তি দিব পাৰে। ফেব্ৰুৱাৰীত প্ৰকাশ পাইছিল যে 'হাংগামা ২' এই বছৰ গ্ৰীষ্মকালত মুক্তি পাব।

সূত্ৰটোৰ মতে, এই ছবিখনৰ দৃশ্যগ্ৰহণ সমাপ্ত হৈছে। এটা OTT প্লেটফৰ্মে ছবিখনৰ নিৰ্মাতাসকলক লোভনীয় অফাৰ আগবঢ়াইছে। নিৰ্মাতা আৰু ষ্ট্ৰীমিং প্লেটফৰ্মে মৌখিকভাৱে সন্মতি প্ৰদান কৰিছে। প্ৰযোজক ৰতন জৈন, চেতন জৈন আৰু গণেশ জৈনে বাণিজ্যিক চুক্তি সম্পূৰ্ণ কৰাৰ সম্ভাৱনা আছে। যদি সকলোবোৰ সঠিক দিশত থাকে, চুক্তিৰ সৈতে সম্পৰ্কিত কাগজৰ কাম অহা সপ্তাহৰ ভিতৰত সম্পূৰ্ণ হ'ব।

দৃশ্যগ্ৰহণ সমাপ্ত হোৱাৰ পিছত ফিল্মখনৰ ছেটত আনন্দ উদযাপন কৰা দেখা গৈছিল। ছবিখনৰ কলাকুশলীসকলে ছেটত প্ৰিয়দৰ্শনৰ জন্মদিন উদযাপন কৰিছিল। সকলোৱে ছেটত কেক কাটিছিল আৰু ছবিখনৰ স্মৰণীয় মুহূৰ্তবোৰৰ আনন্দ লৈছিল। ফিল্মখনৰ কলাকুশলীসকলে উদযাপনৰ এখন ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল।

তাৰকাসকলে 'হাংগামা ২'ৰ টাইটেল ট্ৰেক শ্বুটিং কৰাৰ পিছত ছবিখনৰ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। এই ছবিবোৰ চাই দৰ্শকৰ উৎসাহ বৃদ্ধি পাইছে। ছবিখনত আশুতোষ ৰাণা, মনোজ যোশী, ৰাজপাল যাদৱ, জনি লিভাৰ আৰু টিকু তালছানিয়াই গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।

উল্লেখযোগ্য যে এই কমেডি ফিল্মখন ২০০৩ চনৰ ছবি হাংগামাৰ চিকুৱেল, য'ত অক্ষয় খান্না, আফতাব শিৱদাসানী, পৰেশ ৰাৱাল আৰু ৰিমি সেনে মুখ্য ভূমিকাত অভিনয় কৰিছিল।

News link: https://hindi.news18.com/news/entertainment/bollywood-shilpa-shetty-and-paresh-rawal-likely-to-be-on-the-ott-of-starrer-hungama-2-nodkp-3594844.html
Published by:Manjumoni Borah
First published: