ভাৰতীয় বায়ু সেনাৰ চীফ মাৰ্ছেলৰ ঘৰৰ বাহিৰত ৰাফেল যুঁজাৰু বিমান!

কংগ্ৰেছৰ মুখ্যকাৰ্যালয়ৰ মুখামুখিকৈ ৰাখিলে ৰাফেল বিমান, ছচিয়েল মিডিয়াত চৰ্চা!

news18assam
Updated:May 31, 2019, 4:19 PM IST
ভাৰতীয় বায়ু সেনাৰ চীফ মাৰ্ছেলৰ ঘৰৰ বাহিৰত ৰাফেল যুঁজাৰু বিমান!
কংগ্ৰেছৰ মুখ্যকাৰ্যালয়ৰ মুখামুখিকৈ ৰাখিলে ৰাফেল বিমান, ছচিয়েল মিডিয়াত চৰ্চা!
news18assam
Updated: May 31, 2019, 4:19 PM IST
ভাৰতীয় বায়ু সেনাৰ চীফ মাৰ্ছেল বি এচ ধানোৱাৰ ঘৰৰ বাহিৰত নিৰ্মাণ কৰা হ’ল ৰাফেল যুঁজাৰু বিমানৰ প্ৰতিকৃতি। নতুন দিল্লীৰ কংগ্ৰেছৰ মুখ্যকাৰ্যালয়ৰ সমীপত থকা বায়ু সেনাৰ বিষয়া জনৰ ঘৰত ৰাফেল বিমানৰ প্ৰতিকৃতিক লৈ এতিয়া ছচিয়েল মিডিয়াত চলিছে সৰব চৰ্চা।



ইয়াৰ আগতেও ধানোৱাৰৰ ঘৰত নিৰ্মাণ কৰা হৈছিল Sukhoi su-30 ৰ আৰ্হিৰ এখন বিমান। অহা ছেপ্তেম্বৰ মাহত ৰাফেলৰ প্ৰথমখন যুঁজাৰু বিমান ভাৰতীয় বায়ু সেনাৰ হাতত অৰ্পন কৰাৰ কথা। উল্লেখযোগ্য যে লোকসভা নিৰ্বাচনৰ সময়ত ৰাহীল গান্ধীয়ে ৰাফেল বিমান ক্ৰয়কলৈ নৰেন্দ্ৰ মোদী চৰকাৰক তীব্ৰ সমালোচনা কৰা দেখা গৈছিল। পিছত ৰাফেলৰ বিষয় আদালতৰ মজিয়াও পাব লগীয়া হৈছিল। এতিয়া ৰাফেল বিমানৰ প্ৰতিকৃতি বায়ু সেনাৰ বিষয়াই নিজৰ ঘৰত নিৰ্মাণ কৰাৰ কাৰ্যই ছচিয়েল মিডিয়াত লাভ কৰিছে বিশেষ চৰ্চা ।
আৰু চাওক পৰৱৰ্তী বাতৰি