• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • "ভাৰতৰ প্ৰথমজন মেচ ফিক্সিং কৰা খেলুৱৈ আছিলোঁ মই।" কোনে ক'লে এই কথা?

"ভাৰতৰ প্ৰথমজন মেচ ফিক্সিং কৰা খেলুৱৈ আছিলোঁ মই।" কোনে ক'লে এই কথা?

binary comment

binary comment

"মোক সকলোৱে ভাৰতৰ প্ৰথম মেচ ফিক্সাৰ বুলি ক'বলৈ আৰম্ভ কৰিলে। আৰু মই উপলব্ধি কৰিলোঁ যে চিনেমাখনত 'লাখা'ৰ চৰিত্ৰটোৰ মহত্ব কিমান।"

  • Share this:
মেচ ফিক্সিং ক্ৰিকেট(Cricket) খেলৰ এক কলংকিত অধ্যায়। ভাৰতৰো বহু খেলুৱৈ এই চেকাৰে দলক কলংকিত কৰিছে। সেয়া যি নহওক, ভাৰতৰ প্ৰথমজন মেচ ফিক্সিং কৰা খেলুৱৈ বাৰু কোন? ইয়াৰ উত্তৰ দিলে এজন অভিনেতাই।

অভিনেতা যশপাল শৰ্মা (Yashpal Sharma)ক নতুনকৈ চিনাকি কৰাই দিয়াৰ প্ৰয়োজন হয়তো নাই। বহু ছুপাৰহিট ছবিত নিজৰ অভিনয়েৰে বহুসময়ত নায়ককো চেৰ পেলাই যোৱা অভিনেতা যশপাল শৰ্মা । যশপালৰ মতে তেৱেই হেনো ভাৰতৰ প্ৰথমগৰাকী খেলুৱৈ যি মেচ ফিক্সিং (Match Fixing)  কৰিছিল।

আচলতে অভিনেতাজনে কৈছে 'লগান' (Lagaan) চিনেমাখনৰ কথা। 'লগান'ত ভাৰতীয় ক্ৰিকেট দলটোৰ খেলুৱৈ সকলৰ ভিতৰত 'লাখা'(Lakha) আছিল এজন। কিন্তু এই 'লাখা'ই ইংৰাজৰ উচটনি আৰু নিজৰ প্ৰতিশোধপৰায়ণ মনোভাৱৰ বাবে কৰিছিল মেচ ফিক্সিং। বলীউডৰ অন্যতম সফল ছবিখনৰ ২০ বছৰ উপলক্ষে এনেদৰেই নিজৰ স্মৃতি ৰোমন্থন কৰি ভাবুক হৈ পৰে অভিনেতা যশপাল শৰ্মা।

তেওঁ কয়, "মোক সকলোৱে ভাৰতৰ প্ৰথম মেচ ফিক্সাৰ বুলি ক'বলৈ আৰম্ভ কৰিলে। আৰু মই উপলব্ধি কৰিলোঁ যে চিনেমাখনত 'লাখা'ৰ চৰিত্ৰটোৰ মহত্ব কিমান।" তেওঁ আৰু কয় যে 'লগান' 'মাদৰ ইণ্ডিয়া' বা 'দো বিঘা জমিন'ৰ দৰেই এখন ধ্ৰুপদী আৰু যুগান্তকাৰী চিনেমা। উল্লেখ্য যে ২০০১ চনৰ ১৫ জুনত মুক্তি পাইছিল 'লগান'।
Published by:Manjumoni Borah
First published: