• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • 'পইচা দিয়া, মই স্বামীৰ ঘৰলৈ যাওঁ' – পিতৃৰ ওচৰত আকুল আবদাৰ কণমানি কন্যাৰ! নিমিষতে ভাইৰেল ভিডিঅ'

'পইচা দিয়া, মই স্বামীৰ ঘৰলৈ যাওঁ' – পিতৃৰ ওচৰত আকুল আবদাৰ কণমানি কন্যাৰ! নিমিষতে ভাইৰেল ভিডিঅ'

বেগ কান্ধত ওলোমাই হাতত পইচা লৈ ডাঙৰ এযোৰ জোতা পিন্ধি স্বামীগৃহলৈ যাব ওলাইছে কণমানিজনী। মধুৰ এই ভিডিঅ'টো এতিয়া ভাইৰেল চ'ছিয়েল মিডিয়াত।

  • Share this:
১৩০ কোটি জনতাৰ এই দেশত কিমান ধৰণৰ যে জাতি-ভাষা- সংস্কৃতি-ভাৱধাৰাৰ মানুহে বসবাস কৰে। কিমান ধৰণৰ যে ঘটনা ঘটে প্ৰতিদিনেই! ছচিয়েল মিডিয়াৰ কৃপাত সকলো ঘটনাৰ খবৰ মানুহে  ঘৰত বহিয়েই পাই যায়। নিমিষতে ভাইৰেল হয় সকলো খবৰ, সেয়া ছবি ৰূপতেই হওঁক বা ভিডিঅ'–অডিঅ'ৰ ৰূপতেই হওঁক। তাৰে কিছুমানে যেনেকৈ বিতৰ্কৰ সৃষ্টি কৰিছে, কিছুমানে আকৌ আমোদ আৰু মনোৰঞ্জনো যোগাইছে মানুহক।

এই ভিডিঅ’টোত এজনী কণমানিৰ মুখৰ মৰমলগা কথা আৰু অংগী ভংগীয়ে খুব আমোদ দিছে ছচিয়েল মিডিয়াৰ দৰ্শকক। পোষ্ট কৰাৰ কেইমিনিটমানৰ ভিতৰতে ভিডিঅ'টোৰ দৰ্শকৰ সংখ্যা লাখৰ ঘৰ পাৰ হৈ গৈছে।

ভিডিঅ'টোত দেখা গৈছে কণমানিজনীয়ে থুপুক–থাপাক খোজেৰে ঘৰৰপৰা ওলাই যাব খুজিছে। মুখত ফুটো নুফুটোকৈ এটাই কথা 'দৰ্জা খোলা। মই স্বামীৰ ঘৰলৈ যাওঁ।' ৰঙা ফ্ৰক পিন্ধা মৰমলগা কণমানিজনীৰ বয়স দুই আঢ়ৈ বছৰতকৈ বেছি নহ'ব।

বিয়া, সংসাৰ, স্বামীগৃহৰ বিষয়ে সামান্যতমো ধাৰণা নথকা কণমানিজনীয়ে ডাঙৰৰ কথা শুনিয়েই এইবোৰ ক'বলৈ শিকিছে। সেয়ে কান্ধত বেগ, হাতত পইচা লৈ ভৰিত ডাঙৰ জোতা পিন্ধি স্বামীগৃহলৈ ওলাইছে কণমানিজনী। এই ভিডিঅ'টো চোৱাৰ পিছত বাৰে বাৰে মনত পৰে ৰবীন্দ্ৰনাথ ঠাকুৰৰ 'কাবুলীৱালা'ৰ কথা। কণমানি 'মিনি'ক এনেকৈয়ে ক'বলৈ কৈছিল কাবুলীৱালাই।
Published by:Sanjay Kumar Das
First published: