দেশৰ প্ৰায় সংখ্যক Movie Review Agency এ ছবিখনক দিলে অতি নিৰাশজনক ৰেটিং
দেশৰ প্ৰায় সংখ্যক Movie Review Agency এ ছবিখনক দিলে অতি নিৰাশজনক ৰেটিং
২৫ অক্টোবৰত ছবিগৃহলৈ আহিল অক্ষয় কুমাৰ, কৃতী চানুন অভিনীত বলীউডৰ কমেডি প্ৰধান ছবি হাউছফুল ৪। ছবিখনৰ বাবে অতি আগ্ৰহেৰে বাট চাই আছিল চলচিত্ৰ প্ৰেমীসকলে। গতিকে মুক্তিৰ পূৰ্বেই ছবিখনৰ টিকট বুকিং আছিল আকৰ্ষণীয়। কিন্তু ছবিখন চাই নিৰাশ হ’ল অধিকাংশ দৰ্শক। বিভিন্নজনে ছবিখন সমালোচনা কৰিলে ছচিয়েল মিডিয়াত। সেইদৰে দেশৰ প্ৰায় সংখ্যক Movie Review Agency এ ছবিখনক দিলে অতি নিৰাশজনক ৰেটিং।
ফলস্বৰূপে হাউছফুল–৪ ৰ প্ৰথম আৰু দ্বিতীয় দৰ্শনীৰ তুলনাত তৃতীয় আৰু চতুৰ্থ দৰ্শনীত অভাৱনীয় হাৰত হ্ৰাস পাই দৰ্শকৰ সংখ্যা। বিভিন্ন জনে ছবিখন ২০১৯ চনৰ আটাইতকৈ দুৰ্বল ছবি আখ্যা দিছে। মুক্তিৰ প্ৰথম দিনাই অক্ষয় কুমাৰৰ ছবিখনে উপাৰ্জন কৰে প্ৰায় ১৮.৮৫ কোটি টকা। শনিবাৰ আৰু দেওবাৰে বন্ধ উপলক্ষে ছবিখনৰ বক্স অফিছত উত্থান হোৱাৰ সম্ভাৱনা আছে যদিও, সোমবাৰৰ পৰা ছবিখনৰ উপাৰ্জন হ্ৰাস পোৱাৰ সম্ভাৱনাই অধিক।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|