নিজৰ অন্তৰ্বাস খুলি পাকিস্তানৰ বিজ্ঞাপনৰ প্ৰত্যুত্তৰ অভিনেত্ৰী পুনমৰ

শেহতীয়াকৈ বলীউদৰ হট বিউটী, মোহময়ী অভিনেত্ৰী পুনম পাণ্ডেই এই বিজ্ঞাপনক লৈ পাকিস্তানক দিয়া প্ৰত্যুত্তৰে গৰম কৰি তুলিছে ছচিয়েল মিডিয়া।

news18assam
Updated:June 14, 2019, 2:30 PM IST
নিজৰ অন্তৰ্বাস খুলি পাকিস্তানৰ বিজ্ঞাপনৰ প্ৰত্যুত্তৰ অভিনেত্ৰী পুনমৰ
শেহতীয়াকৈ বলীউদৰ হট বিউটী, মোহময়ী অভিনেত্ৰী পুনম পাণ্ডেই এই বিজ্ঞাপনক লৈ পাকিস্তানক দিয়া প্ৰত্যুত্তৰে গৰম কৰি তুলিছে ছচিয়েল মিডিয়া।
news18assam
Updated: June 14, 2019, 2:30 PM IST
বিশ্বকাপত ভাৰত আৰু পাকিস্তানৰ মাজত হ’বলগীয়া খেলক লৈ এতিয়া ব্যাপক চৰ্চা চলিছে। ভাৰত আৰু পাকিস্তানৰ খেল মানেই সুকীয়া মাদকতা। শেহতীয়াকৈ ভাৰত–পাকিস্তানৰ খেলক লৈ পাকিস্তানৰ টিভি চেনেলত চলা এটা বিজ্ঞাপনে লাভ কৰিছে ব্যাপক চৰ্চা। ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এই ভিডিঅ’টো।

ভিডিঅ’টোত ভাৰতীয় বায়ুসেনাৰ উইং কমাণ্ডাৰ অভিনন্দন বৰ্ধমানৰ চৰিত্ৰত দেখা গৈছে পাকিস্তানৰ এগৰাকী মডেল। অভিনন্দনৰ ৰূপত থকা মডেলজনক ১৬ জুনত হ’বলগীয়া ভাৰত–পাকিস্তানৰ মেচখনৰ বিষয়ে প্ৰশ্ন সোধা হৈছে। ভাৰতীয় দলৰ প্লেয়িং ইলেভেনত কোন কোন থাকিব? টীম ইণ্ডিয়াৰ বিৰুদ্ধে পাকিস্তানৰ ৰণকৌশল কি হ’ব? এই সকলো প্ৰশ্নৰ উত্তৰত মডেলগৰাকীয়ে কৈছে – I'm Sorry, I am not supposed to tell you this।

এই বিজ্ঞাপনটোক লৈ ভাৰতত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। বিভিন্নজনে এই সন্দৰ্ভত ছচিয়েল মিডিয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। শেহতীয়াকৈ বলীউদৰ হট বিউটী, মোহময়ী অভিনেত্ৰী পুনম পাণ্ডেই এই বিজ্ঞাপনক লৈ পাকিস্তানক দিয়া প্ৰত্যুত্তৰে গৰম কৰি তুলিছে ছচিয়েল মিডিয়া।

নিজৰ ইনষ্টাগ্ৰামত পুনমে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। ভিডিঅ’টোত প্ৰথমে পাকিস্তানৰ টিভিত চলা বিজ্ঞাপনটো নিজৰ ম’বাইলত দেখুৱাইছে পুনমে। তাৰ পিছতে নিজৰ অন্তৰ্বাস খুলি পাকিস্তানক প্ৰত্যুত্তৰ দিলে – 'Why settle for a tea cup, when you can actually have a D-cup, a double D-cup? You can even have tea in it.'

 



 




View this post on Instagram




 

My Answer to the Pakistani AD. #IndvsPak World Cup 2019.


A post shared by Poonam Pandey (@ipoonampandey) on




আৰু চাওক পৰৱৰ্তী বাতৰি