FILE PHOTO (Friends The reunion)
জনপ্ৰিয় অনুষ্ঠান 'ফ্ৰেণ্ডছ-দ্য ৰিইউনিয়ন' (Friends-The Reunion) ইয়াৰ নতুন অৱতাৰত দৰ্শকৰ সন্মুখত উপস্থিত হ'বলৈ সাজু হৈছে। অনুষ্ঠানটোৰ ট্ৰেইলাৰো মুকলি কৰা হৈছে।
জনপ্ৰিয় অনুষ্ঠান 'ফ্ৰেণ্ডছ-দ্য ৰিইউনিয়ন' (Friends-The Reunion) ইয়াৰ নতুন অৱতাৰত দৰ্শকৰ সন্মুখত উপস্থিত হ'বলৈ সাজু হৈছে। অনুষ্ঠানটোৰ ট্ৰেইলাৰো মুকলি কৰা হৈছে। অনুষ্ঠানটোত জেনিফাৰ এনিষ্টন, কাৰ্টেনি কক্স, লিছা কুড্ৰো, মেট লেব্লাংক, মেথিউ পেৰী আৰু ডেভিদ চিমাৰৰ মাজত বন্ধুত্বে আকৌ এবাৰ দৰ্শকৰ হৃদয় জয় কৰিবলৈ চেষ্টা কৰিছে। ইফালে, ভাৰতীয় অনুৰাগীসকলৰ বাবে এটা ভাল খবৰ ওলাই আহিছে। অনুষ্ঠানটো এতিয়া ভাৰতীয় OTT প্লেটফৰ্মত মুক্তি দিয়া হৈছে।
অ'টিটি প্লেটফৰ্ম জি5 (Zee5)য়ে 'ফ্ৰেণ্ডছ: দ্য ৰিইউনিয়ন'ৰ প্ৰিমিয়াৰ মুকলি কৰাৰ কথা ঘোষণা কৰিছে। বাতৰি অনুসৰি, জি-৫ ইণ্ডিয়াৰ মুখ্য ব্যৱসায়ী মনীষ কালৰাই কয় যে আমি ফ্ৰেণ্ডছ: দ্য ৰিইউনিয়নক ভাৰতীয় বজাৰলৈ অনাৰ বাবে অতি উৎসাহিত। Friends-The Reunion পৃথিৱীৰ আটাইতকৈ বেছি চোৱা অনুষ্ঠান আৰু ইয়াক বহুতে ভাল পায়। ফ্ৰেণ্ডছ ৰিইউনিয়নক ভাৰতত জি ৫ লৈ অনাৰ সুযোগ পাইছে । Zee5 হৈছে মনোৰঞ্জনৰ ঘৰ য'ত প্ৰতিটো অঞ্চল আৰু ভাষাৰ লোকসকলে ফ্ৰেণ্ডছ: দ্য ৰিইউনিয়ন উপভোগ কৰিবলৈ সক্ষম হ'ব।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|