জেমচ কেমেৰণৰ ছবি ‘অৱতাৰ‘ৰ নাম দিছিল গোবিন্দাই, প্ৰত্যাখ্যান কৰিছিল অভিনয়ৰ প্ৰস্তাৱ!

ছচিয়েল মিডিয়াত এতিয়া এনেবোৰ কথাৰ কাৰণে বহুতে ট্ৰ’ল কৰিছে গোবিন্দাক

News18-Assam
Updated:July 31, 2019, 3:17 PM IST
জেমচ কেমেৰণৰ ছবি ‘অৱতাৰ‘ৰ নাম দিছিল গোবিন্দাই, প্ৰত্যাখ্যান কৰিছিল অভিনয়ৰ প্ৰস্তাৱ!
source-Google
News18-Assam
Updated: July 31, 2019, 3:17 PM IST
বলিউডত বৰ্তমান একপ্ৰকাৰ পাহৰণিৰ গৰ্ভত বিলীন হৈছে যদিও সংবাদ মাধ্যমত আজিও চৰ্চিত অভিনেতা গোবিন্দ। এটা ব্যক্তিগত টিভি চেনেলৰ সাক্ষাৎকাৰত গোবিন্দই প্ৰকাশ কৰিলে কেতবোৰ তাত্‍পৰ্যপূৰ্ণ কথা।

সাক্ষাৎকাৰটোত গোবিন্দই প্ৰকাশ কৰিছে যে জেমচ কেমেৰণৰ বহু চৰ্চিত ছবি অৱতাৰ নামটো হেনো গোবিন্দই দিছিল। তেওঁ আনকি ছবিখনত অভিনয় কৰাৰ বাবে অহা প্ৰস্তাবো প্ৰত্যাখ্যান কৰিছিল। প্ৰত্যাখ্যান কৰা কাৰণটো হল একেৰাহে ৪১০দিন ধৰি তেওঁ শ্বুটিং কৰিব লাগিব বুলি কোৱা হৈছিল আৰু শ্বুটিঙৰ সময়ত তেওঁৰ সমগ্ৰ গাত আঁকি লব লাগিব বুলিও কোৱা হৈছিল।

Source-Google


সাক্ষাৎকাৰটোত আৰু কেতবোৰ উল্লেখনীয় কথাও গোবিন্দই প্ৰকাশ কৰিছিল। উদাহৰণ স্বৰূপে তাল, দেৱদাস, চান্দনীৰ দৰে ছবিসমূহৰ বাবেও তেওঁ অফাৰ লাভ কৰিছিল যদিও সেয়াও প্ৰত়্যাখ্যান কৰিছিল গোবিন্দাই।
আৰু চাওক পৰৱৰ্তী বাতৰি