মোক শ্বাহৰুখ খানে বিয়াৰ প্ৰস্তাৱ নিদিলে, নহ’লে আজি মই...!–ক’লে অভিনেত্ৰী কাজলে

News18 Assam | News18-Assam
Updated:November 29, 2019, 1:46 PM IST
মোক শ্বাহৰুখ খানে বিয়াৰ প্ৰস্তাৱ নিদিলে, নহ’লে আজি মই...!–ক’লে অভিনেত্ৰী কাজলে
Source-Google

সাংবাদিকৰ প্ৰশ্ন– অজয় দেৱগন নোহোৱাহেঁতেন কাৰ সৈতে বিয়াত বহিল হেতেন?  কাজলেও দিলে বিশেষ উত্তৰ

  • Share this:
বলীউদৰ অন্যতম সফল যুটী কাজল আৰু শ্বাহৰুখ খান। বলীউদৰ বহু ছুপাৰহীট ছবি উপহাৰ দিছে কাজল আৰু শ্বাহৰুখ খানৰ যুটীয়ে। দুয়োৰে মাজত ব্যক্তিগত ভাবেও অত্যন্ত ভাল সম্পৰ্ক। দুয়ো ইজনে আনজনক ভাল বন্ধু বুলিও দাবী কৰে। সেইদৰে অভিনেত্ৰী কাজল আৰু অভিনেতা অজয় দেৱগন বলীউদৰ অন্যতম সফল দম্পতি। যেতিয়াই দুয়োগৰাকী অভিনেতা–অভিনেত্ৰী কোনো অনুষ্ঠানত উপস্থিত থাকে, তেতিয়া তেওঁলোকৰ কথা বতৰাতেই অনুমান কৰিব পাৰি, কিমান সুখী তেওঁলোক।



এটা বিশেষ অনুষ্ঠানত এগৰাকী সাংবাদিকে অভিনেত্ৰী কাজলক প্ৰশ্ন কৰিছিল, অজয় দেৱগন নথকা হেঁতেন কাৰ সৈতে বিয়া হ’লহেঁতেন কাজল?  প্ৰশ্নৰ উত্তৰ কাজলে এনেধৰণে দিলে যে, ছচিয়েল মিডিয়াত বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰে। 

লগে লগে এজনে কাজলক টুইটাৰত সোধে, অজয় দেৱগন নথকাহেঁতেন কি শ্বাহৰুখ খানলৈ বিয়া হ’লহেঁতেন নেকি কাজল? কাজ’লে তেতিয়া উত্তৰত ক’লে যে, ‘শ্বাহৰুখ খানে প্ৰস্তাৱ দিব লাগিছিল, কিন্তু শ্বাহৰুখ তেনে ধৰণৰ নহয়। কিন্তু শ্বাহৰুখ মোৰ ভাল বন্ধু।’
আৰু চাওক পৰৱৰ্তী বাতৰি