অসমীয়া ছবিৰ স্বৰ্ণিল সপ্তাহ! এফালে ছবিগৃহত বুল বুল কেন ছিং আৰু কাঞ্চনজংঘা, আনফালে ৰত্নাকৰৰ জোৰদাৰ প্ৰচাৰ
News18-Assam Updated:September 20, 2019, 7:02 PM IST

পশ্চিম বংগ বা দাক্ষিণাত্যয়েই নহয়, এতিয়া অসমতো আৰম্ভ হৈছে আঞ্চলিক ভাষাৰ ছবিৰ সোণালী দিনৰ!
পশ্চিম বংগ বা দাক্ষিণাত্যয়েই নহয়, এতিয়া অসমতো আৰম্ভ হৈছে আঞ্চলিক ভাষাৰ ছবিৰ সোণালী দিনৰ!
- News18 Assam
- Last Updated: September 20, 2019, 7:02 PM IST

কাঞ্জনজংঘা সগৌৰৱেৰে চিত্ৰগৃহত চলি থকাৰ সময়তে ২০ ছেপ্তেম্বৰত মুক্তিপালে ৰীমা দাসৰ বুল বুল কেন ছিং। ভিলেজ ৰকষ্টাৰ্চৰ পিছত বুল বুল কেন ছিংকলৈও আশাবাদী পৰিচালক ৰীমা দাস? দৰ্শকেও এতিয়া আশাপ্ৰদ সঁহাৰি জনাইছে বুল বুল কেন ছিংৰ প্ৰতি। ইতিমধ্যে ছবিখনে দেশ বিদেশৰ বিভিন্ন চলচিত্ৰ মহোৎসৱত বহু সন্মান বুটলিবলৈ সক্ষম হৈছে।

দুয়োখন ছবিয়েই চিত্ৰগৃহত সগৌৰৱেৰে চলি থকাৰ সময়ত অভিনেতা যতীন বৰা, বৰষা ৰাণী বিষয়া ব্যস্ত নতুন অসমীয়া ছবি ৰত্নাকৰৰ প্ৰচাৰত। প্ৰচাৰৰ সময়ত ছবিখনৰ প্ৰতি সকলোৰে ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। অহা ১১ অক্টোবৰত সমগ্ৰ অসমতে মুক্তি লাভ কৰিব যতীন বৰাৰ সপোনৰ ছবি ৰত্নাকৰ।

অসমীয়া ছবিত দৰ্শকৰ ভিৰ দেখি এতিয়া চিত্ৰগৃহৰ কৰ্তৃপক্ষই চলি থকা বিগ বাজেটৰ হিন্দী ছবিৰ প্ৰদৰ্শনী বাতিল কৰিবলৈ বাধ্য হৈছে। এনেদৰেই অব্যাহত থাকক অসমীয়া ছবিৰ সুনালী দিনৰ।