নতুন ৰূপত গৰিমা শইকীয়া গাৰ্গ! এইবাৰ জুবিন গাৰ্গৰ পত্নী তথা জনপ্ৰিয় কষ্টিউম ডিজাইনাৰ গৰিমা শইকীয়া গাৰ্গে নিজে গীত লিখি কৰিলে অভিনয়। কুমাৰ ধীৰাজে কণ্ঠদান কৰা ‘আকাশী হেঁপাহ’ নামৰ গীতটো ৰচনা কৰিলে গৰিমা শইকীয়া গাৰ্গে।
আনকি অভিনয়ো কৰিলে গৰিমাই। শেখৰ জ্যোতি গোস্বামীয়ে সংগীত ব্যৱস্থাপনা কৰা গীতটো জুবিন গাৰ্গে নিজৰ ফেচবুক পেজত শ্বেয়াৰ কৰিছে।
আনকি জুবিন গাৰ্গে গীতটো শ্বেয়াৰ কৰি লিখিছে- ‘মোৰ এলবামৰ কাৰণে কেতিয়া লিখিবা গীত?’
গৰিমা শইকীয়া গাৰ্গে অভিনয় কৰা নতুন গীতটো এতিয়া আদৰিছে সকলোৱে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|