বিতৰ্কত প্ৰভাস আৰু শ্ৰদ্ধা কাপুৰৰ SAAHO, চুৰিৰ অভিযোগ বিদেশী পৰিচালকৰ

ফ্ৰান্সৰ পৰিচালক জেৰ’ম ছালেই SAAHOৰ নিৰ্মাতাৰ বিৰুদ্ধে উত্থাপন কৰিছে নকলৰ অভিযোগ।

News18-Assam
Updated:September 3, 2019, 12:49 PM IST
বিতৰ্কত প্ৰভাস আৰু শ্ৰদ্ধা কাপুৰৰ SAAHO, চুৰিৰ অভিযোগ বিদেশী পৰিচালকৰ
ফ্ৰান্সৰ পৰিচালক জেৰ’ম ছালেই SAAHOৰ নিৰ্মাতাৰ বিৰুদ্ধে উত্থাপন কৰিছে নকলৰ অভিযোগ।
News18-Assam
Updated: September 3, 2019, 12:49 PM IST
প্ৰভাস আৰু শ্ৰদ্ধা কাপুৰৰ ছবি SAAHO এটাৰ পিছত আনটো বিতৰ্কৰ মাজত সোমাই পৰিছে। প্ৰথমে অভিনেত্ৰী লীজা ৰেই ছবি নিৰ্মাতাৰ ওপৰত নকলৰ অভিযোগ উত্থাপন কৰিছিল। এতিয়া ফ্ৰান্সৰ পৰিচালক জেৰ’ম ছালেই SAAHOৰ নিৰ্মাতাৰ বিৰুদ্ধে উত্থাপন কৰিছে নকলৰ অভিযোগ। তেওঁৰ ছবি ‘লাৰ্গো ৱিঞ্চ’ৰ পৰা SAAHO ছবিখন নকল কৰাৰ অভিযোগ তুলিছে ছালেই। টুইটাৰত এই অভিযোগ উত্থাপন কৰিছে বিদেশী পৰিচালকজনে।

ছালেই লিখিছে – মোৰ অনুভৱ হয় প্ৰথমখনৰ দৰেই ‘লাৰ্গ’ ৱিঞ্চ’ৰ দ্বিতীয় ফ্ৰী কপিও বেয়া হৈছে। অনুগ্ৰহ কৰি তেলেগু পৰিচালক, যদি আপুনি মোৰ কাম চুৰি কৰিছে, অন্তত সেয়া ভালকৈ কৰক।

উল্লেখযোগ্য যে ৩০ আগষ্টত সুনীল নামৰ এগৰাকী টুইটাৰ ব্যৱহাৰকাৰীয়ে জেৰ’মক টেগ কৰি এটা টুইট কৰিছিল। টুইটটোট SAAHOক ‘লাৰ্গ’ ৱিঞ্চ’ৰ ফ্ৰী কপি বুলি উল্লেখ কৰিছিল সুনীলে। সুনীলৰ এই টুইটৰ উত্তৰত জেৰ’মে লিখিছিল – মই ভাবো ভাৰতত মোৰ কেৰিয়াৰ ভাল।


২০১৮ চনত দাক্ষিণাত্যৰ পৰিচালক ত্ৰিভিক্ৰম শ্ৰীনিবাসৰ ওপৰত ‘লাৰ্গ’ ৱিঞ্চ’ৰ নকলৰ অভিযোগ উঠিছিল। ২৯ আগষ্টত মুক্তিলাভ কৰা SAAHO ছবিখনে ইতিমধ্যে ভাল উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। ৫ দিনত ছবিখনে উপাৰ্জন কৰিছে ৯৩.২৮ কোটি টকা।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি