বৰুণ–ছাৰাৰ আহিবলগীয়া ছবি ‘কুলী নাম্বাৰ–১’ৰ ছেটত লাগিল জুই

‘কুলী নাম্বাৰ–১’ ১৯৯৫ চনত মুক্তি লাভ কৰা গোবিন্দা আৰু কৰিশ্মা কাপুৰ অভিনীত হিট ছবি ‘কুলী নাম্বাৰ ৱান’ৰ ৰিমেক।

News18-Assam
Updated:September 11, 2019, 1:08 PM IST
বৰুণ–ছাৰাৰ আহিবলগীয়া ছবি ‘কুলী নাম্বাৰ–১’ৰ ছেটত লাগিল জুই
‘কুলী নাম্বাৰ–১’ ১৯৯৫ চনত মুক্তি লাভ কৰা গোবিন্দা আৰু কৰিশ্মা কাপুৰ অভিনীত হিট ছবি ‘কুলী নাম্বাৰ ৱান’ৰ ৰিমেক।
News18-Assam
Updated: September 11, 2019, 1:08 PM IST
বৰুণ ধৱন আৰু ছাৰা আলী খানৰ ছবি ‘কুলী নাম্বাৰ–১’ৰ ছেটত অগ্নিকাণ্ড। মুম্বাইৰ গোৰেগাঁৱৰ ফিল্মিস্তান ষ্টুডিঅ’ত নিশা সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। মুম্বাই মিৰৰৰ ৰিপ’ৰ্ট অনুসৰি, মঙলবাৰে নিশা ১২.৩০ বজাত সংঘটিত হয় এই অগ্নিকাণ্ড। এতিয়ালৈ জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ। অৱশ্যে সেই সময়ত ছেটত থকা সকলো লোক সুৰক্ষিত।

‘কুলী নাম্বাৰ–১’ ১৯৯৫ চনত মুক্তি লাভ কৰা গোবিন্দা আৰু কৰিশ্মা কাপুৰ অভিনীত হিট ছবি ‘কুলী নাম্বাৰ ৱান’ৰ ৰিমেক। সেই ছবিখন ডেভিদ ধৱনে পৰিচালনা কৰিছিল। এইবাৰো ডেভিদ ধৱনে ছবিখনৰ দায়িত্ব লৈছে। এই ছবিখনৰ শ্বুটিং দ্ৰুতগতিত চলিছে। ছবি নিৰ্মাতাই ইতিমধ্যে ছবিখনৰ পোষ্টাৰ আৰু ফাৰ্ষ্ট লুক বজাৰত এৰি দিছে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি