ফিল্ম ফেয়াৰ এৱাৰ্ড উপভোগ কৰাৰ মন নেকি? ন্যূনতম ১০ হাজাৰৰ পৰা ৩ লাখ টকা পৰ্যন্ত হ’ব টিকটৰ মূল্য!

News18-Assam
Updated:November 26, 2019, 4:33 PM IST
ফিল্ম ফেয়াৰ এৱাৰ্ড উপভোগ কৰাৰ মন নেকি? ন্যূনতম ১০ হাজাৰৰ পৰা ৩ লাখ টকা পৰ্যন্ত হ’ব টিকটৰ মূল্য!
১৫ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব বলীউদৰ সৰ্ববৃহৎ এৱাৰ্ড শ্ব’ ফিল্ম ফেয়াৰ। এদিনৰ বাবে হ’লেও বলীউদৰ ৰথী মহাৰথীয়ে ভৰি পৰিব গুৱাহাটী মহানগৰী

১৫ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব বলীউদৰ সৰ্ববৃহৎ এৱাৰ্ড শ্ব’ ফিল্ম ফেয়াৰ। এদিনৰ বাবে হ’লেও বলীউদৰ ৰথী মহাৰথীয়ে ভৰি পৰিব গুৱাহাটী মহানগৰী

  • Share this:
১৫ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব বলীউদৰ সৰ্ববৃহৎ এৱাৰ্ড শ্ব’ ফিল্ম ফেয়াৰ। এদিনৰ বাবে হ’লেও বলীউদৰ ৰথী-মহাৰথীৰে ভৰি পৰিব গুৱাহাটী মহানগৰী।ইতিমধ্যে ৰাজ্য চৰকাৰেও Times of India গ্ৰুপৰ সৈতে ফিল্ম ফেয়াৰ অনুষ্ঠিত কৰিবলৈ আনুষ্ঠানিক চুক্তি সম্পন্ন কৰিলে।  চিনেমাৰ প্ৰিয় তাৰকাক ওচৰৰ পৰা চোৱাৰ হেঁপাহত এতিয়া অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে বিভিন্ন জনে। কিন্তু তাৰ মাজতে প্ৰশ্ন উঠিছে ফিল্ম ফেয়াৰ চাবৰ বাবে কিমান হ’ব টিকটৰ মূল্য?

চলিত বৰ্ষত মুম্বাইত অনুষ্ঠিত হৈছিল ফিল্ম ফেয়াৰ এৱাৰ্ড। অনুষ্ঠান উপভোগ কৰিবলৈ কৰ্তৃপক্ষই টিকটৰ মূল্য নিৰ্ধাৰণ কৰিছিল ১০ হাজাৰ টকাৰ পৰা ৩ লাখ টকা পৰ্যন্ত। প্ৰিয় তাৰকাৰ বাবে সংৰক্ষিত আসনৰ কাষতে থকা আসনত টিকটৰ মূল্য আছিল ৩ লাখ টকা। সেইদৰে ৭০ হাজাৰ, ১০ হাজাৰ টকাৰ যি টিকট আছিল, সেই আসনৰ স্থান আছিল মঞ্চৰ পৰা বহু দূৰত।

 
আৰু চাওক
পৰৱৰ্তী বাতৰি