চলচ্চিত্ৰ জ্বৰত আক্ৰান্ত বিশ্বনাথ চাৰিআলি, বিশ্বনাথ চলচ্চিত্ৰ মহোৎসৱত জুবিন গাৰ্গ

বৃহস্পতিবাৰে বৰনদী ভটিয়াইৰ প্ৰদৰ্শনীত উপস্থিত থাকে অসমৰ জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গ

News18-Assam
Updated:August 9, 2019, 3:59 PM IST
চলচ্চিত্ৰ জ্বৰত আক্ৰান্ত বিশ্বনাথ চাৰিআলি, বিশ্বনাথ চলচ্চিত্ৰ মহোৎসৱত জুবিন গাৰ্গ
বৃহস্পতিবাৰে বৰনদী ভটিয়াইৰ প্ৰদৰ্শনীত উপস্থিত থাকে অসমৰ জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গ
News18-Assam
Updated: August 9, 2019, 3:59 PM IST

 বৃহস্পতিবাৰৰ পৰা বিশ্বনাথ জিলাত অনুষ্ঠিত হৈছে চলচিত্ৰ মহোৎসৱ। অসমীয়া ছবিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ মহৎ উদ্দেশ্য আগত ৰাখি জিলাখনত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা চলচিত্ৰ মহোৎসৱখনিত প্ৰদৰ্শন কৰা হৈছে বহুকেইখন উন্নত মানদণ্ডৰ অসমীয়া চলচিত্ৰ। বিশ্বনাথ চাৰিআলিৰ পাভৈ টকীজত অনুষ্ঠিত হোৱা সমাৰোহখনি উদ্বোধন কৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন চলচিত্ৰ নিৰ্মাতা ডা০ শান্তনা বৰদলৈয়ে। উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰি ডা০ বৰদলৈয়ে এখন দেশত তথা ৰাজ্যত চলচ্চিত্ৰৰ প্ৰতি নৱপ্ৰজন্মক উৎসাহিত কৰিবৰ বাবে চলচ্চিত্ৰ মহোৎসৱ প্ৰতি জিলাতে অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়।


উদ্বোধনী অনুষ্ঠানৰ পাছতেই মহোৎসৱৰ উন্মোচনী ছবি হিচাপে প্ৰদৰ্শন কৰা হয় ডাঃ বৰদলৈৰ বহুচৰ্চিত ছবি “মাজ ৰাতি কেতেকী”। ছবিখনত অভিনয় কৰিছে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অভিনেতা আদিল হুচেইনৰ লগতে বহু আগশাৰীৰৰ অভিনেতা অভিনেত্ৰীয়ে। বৃহস্পতিবাৰে সন্ধ্যা সাত বজাত প্ৰদৰ্শন কৰা হয় ছুপাহিট অসমীয়া ছবি বৰনদী ভটিয়াই। উল্লেখ যে  পৰিচালক অনুপম কৌশিক বৰাৰ ছবিখনে মক্তিৰ পিছতেই ৰাজ্যজুৰি ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল।



বৃহস্পতিবাৰে বৰনদী ভটিয়াইৰ প্ৰদৰ্শনীত উপস্থিত থাকে অসমৰ জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গ । জুবিন গাৰ্গে কাঞ্চনজংঘাৰ প্ৰচাৰ চলোৱা জুবিন গাৰ্গে অসমত চিনেমা হলৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে ব্যৱস্থা গ্ৰহন কৰিবলৈ চৰকাৰৰ লগতে সকলোকে আহ্বান জনায় ৷এই অনুষ্ঠানত উপস্থিত থাকে বিশ্বনাথ জিলাৰ উপায়ুক্ত পবিত্ৰ ৰাম খাউণ্ড, জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰোচন, ৰাজ্যৰ সাংস্কৃতিক সঞ্চালক বিষ্ণুপ্ৰসাদ বৰাকে ধৰি বহুকেইজন গণ্য মান্য ব্যক্তি। আজি চলচিত্ৰ মহোৎসৱ খনিত প্ৰদৰ্শিত কৰা হ’ব জয়চেং জয় দহোটীয়াৰ হান্দুক, ৰীমা বৰাৰ বকুল আৰু ভাস্কৰ হাজৰিকাৰ কথানদী।



অহা ১২ আগষ্টলৈকে চলিব লগীয়া চলচিত্ৰ মহোৎসৱখনিত বিশ্বজীৎ বৰাৰ ফোহুজালী, বিশিষ্ট চলচিত্ৰ পৰিচালক জাহ্ন বৰুৱাৰ অজেয় ছবিখনো প্ৰদৰ্শিত হ’ব।



 
আৰু চাওক পৰৱৰ্তী বাতৰি