গুৱাহাটীলৈ আহি আছে ছানী লিয়নী, অনুষ্ঠানত থাকিব জুবিন গাৰ্গো

News18 Assam | News18-Assam
Updated:February 13, 2020, 4:01 PM IST
গুৱাহাটীলৈ আহি আছে ছানী লিয়নী, অনুষ্ঠানত থাকিব জুবিন গাৰ্গো
১৪ ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত উপস্থিত হোৱাৰ কথা ছানী লিয়নী।

১৪ ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত উপস্থিত হোৱাৰ কথা ছানী লিয়নী।

  • Share this:
ফিল্মফেয়াৰৰ নিশা অধিক ৰঙীণ কৰি তুলিবলৈ গুৱাহাটীলৈ আহি আছে ছানী লিয়নী। অনুষ্ঠানত থাকিব অসমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গো। ১৪ ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত উপস্থিত হোৱাৰ কথা ছানী লিয়নী। ইতিমধ্যে গুৱাহাটীলৈ আহিবলৈ নিশ্চিতি দিছে ছানী লিয়নীয়ে।

ছানী লিয়নীৰ লগতে আহিব বলীউদৰ তাৰকা অক্ষয় কুমাৰ, ৰণবীৰ সিং, বৰুণ ধাৱান, বিকী কৌশল, আয়ুষ্মান খুৰানা, মাধুৰী দিক্ষিত, তাপসী পান্নু, পৰিনীতি চোপ্ৰা, ছানী লিয়নী, ৰিচা চড্ডা, কৰণ জোহৰ। অহা ১৫ তাৰিখে সন্ধিয়া সৰুসজাইৰ হেলিপেডত অনুষ্ঠিত হ’ব filmfare অনুষ্ঠান। ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ।

কিন্তু কেটৰিণা কেঈফ, হৃত্বিক ৰোছন, আলিয়া ভাটে এতিয়ালৈকে প্ৰদান কৰা নাই নিশ্বয়তা। বলিউডত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা অসমৰ শিল্পীৰ ভিতৰত জুবিন গাৰ্গ, আদিল হুছেইন, সীমা বিশ্বাসকে ধৰি বহুকেইজনৰ উপস্থিতিৰ নিশ্চয়তা লাভ কৰিছে।
Published by: Himangshu Bhuyan
First published: February 13, 2020, 3:49 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি