• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • চিনেমা হল বন্ধ থকা পিছতো ইন্টাৰনেটত "ৰাধে" ছবিৰ টিকট বিচাৰি হাহাকাৰ ছলমান খানৰ অনুৰাগীৰ ...

চিনেমা হল বন্ধ থকা পিছতো ইন্টাৰনেটত "ৰাধে" ছবিৰ টিকট বিচাৰি হাহাকাৰ ছলমান খানৰ অনুৰাগীৰ ...

কোৰোণাৰ সংহাৰৰ বাবে ছবিগৃহ বন্ধ হৈ থকাৰ পিছতো ১৩ মে'ত মুক্তিৰ বাবে সাজু হৈছে বলীউডৰ চুপাৰষ্টাৰ ছলমান খানৰ বহু প্ৰত্যাশিত ছবি "ৰাধে: ইয়োৰ মোষ্ট ৱান্টেড ভাই" ।

কোৰোণাৰ সংহাৰৰ বাবে ছবিগৃহ বন্ধ হৈ থকাৰ পিছতো ১৩ মে'ত মুক্তিৰ বাবে সাজু হৈছে বলীউডৰ চুপাৰষ্টাৰ ছলমান খানৰ বহু প্ৰত্যাশিত ছবি "ৰাধে: ইয়োৰ মোষ্ট ৱান্টেড ভাই" ।

কোৰোণাৰ সংহাৰৰ বাবে ছবিগৃহ বন্ধ হৈ থকাৰ পিছতো ১৩ মে'ত মুক্তিৰ বাবে সাজু হৈছে বলীউডৰ চুপাৰষ্টাৰ ছলমান খানৰ বহু প্ৰত্যাশিত ছবি "ৰাধে: ইয়োৰ মোষ্ট ৱান্টেড ভাই" ।

  • Share this:
অতিমাৰী কোৰোণাৰ দ্বিতীয় ঢৌৱে দেশত সংহাৰ চলাই থকাৰ সময়তে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ, ভাইৰাছৰ সংক্ৰমণ ৰোধিবলৈ দেশত অন্যান্য অপ্ৰয়োজনীয় ব্যৱসায়ৰ লগতে বন্ধ কৰা হৈছে ছবিগৃহসমূহো । ইতিমধ্যে কোৰোণাৰ দ্বিতীয় ঢৌৰ ভয়ংকৰ কবলত পৰা দিল্লী, মুম্বাই, কৰ্ণাটককে আদি কৰি ভিন্ন ৰাজ্যই জাৰি কৰিছে লকডাউনো ।

ইয়াৰ মাজতে লোকচানৰ সন্মুখীন হোৱাৰ আশংকাৰ পিছতো ঈদ উপলক্ষে ১৩ মে'ত মুক্তিৰ বাবে সাজু হৈছে বলীউডৰ চুপাৰষ্টাৰ ছলমান খানৰ বহু প্ৰত্যাশিত ছবি "ৰাধে: ইয়ৰ মোষ্ট ৱান্টেড ভাই" । zoomৰ জৰিয়তে সাংবাদিকৰ এটা গোটৰ সৈতে হোৱা বাৰ্তালাপত ছুপাৰষ্টাৰগৰাকীয়ে কয় এনেদৰে "zeeৰ সমৰ্থন অবিহনে মই অনুৰাগীসকলৰ সৈতে মই ঈদৰ প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰিলোহেতেন । এনেকুৱা এটা সময়ত ছবিখন মুক্তি দিয়াটো গুৰুত্বপূৰ্ণ আছিল কাৰণ মহামাৰীৰ বাবে মানুহে সমস্যাৰ সন্মুখীন হৈ আছে। বহুতৰ উপাৰ্জন হ্ৰাস পাইছে । সেয়েহে এই সময়ত ছবিগৃহত টিকটৰ নামত যথেষ্ট ধন খৰচ কৰাৰ পৰিৱৰ্তে, মানুহে ইয়াক ঘৰতেই অতি কম মূল্যত চাব পাৰিব । এই ভয়ংকৰ সময়ছোৱাত মই মানুহক কিছু মনোৰঞ্জন দিব বিচাৰিছো ।"

যিহেতু কোৰোণা ভাইৰাছৰ সংহাৰৰ সমগ্ৰ দেশৰ এক মুষ্টিমেয় ছবিগৃহতহে মুক্তি পাবলগীয়া ছবিখন স্থানীয় ছবিগৃহত চাবলৈ আনলাইন টিকট বিচাৰিছে ভাইজানৰ অনুৰাগীয়ে । যাৰ বাবে বিগত ২৪ ঘন্টাত গুগ'ল ট্ৰেণ্ড কৰা পৰিলক্ষিত হৈছে অনুৰাগীৰ টীকট বিচাৰি কৰা এই চাৰ্চ । আনফালে কোৰোণাকালীন পৰিস্থিতিৰ পিছত দৰ্শকে উপভোগ কৰিব পৰাকৈ ছবিখন পুনৰ ছবিগৃহত মুকলি কৰা কথা উল্লেখ কৰিছে ভাইজানে ।

উল্লেখ্য যে, ছবিখন ভিন্ন DTH সেৱাত দৰ্শকৰ বাবে উপলব্ধ হ'ব, যাৰ ভিতৰত আছেDish, D2H, Tata Sky, and Airtel Digital TV, যাৰ ফলত দৰ্শকসকলে তেওঁলোকৰ পচন্দৰ যিকোনো প্লেটফৰ্তে চাব পাৰিব ছবিখন । প্ৰভুদেৱাৰ দ্বাৰা পৰিচালিত ছবিখনত জেকি শ্ৰফ, ৰণদ্বীপ হুডা আৰু দিশা পাটানীক এক বিশেষ ৰূপত দেখিবলৈ পোৱা যাব ।
Published by:Kokil Sarma
First published: