• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Mane Ke Maghe Hithe : আপুনি এইকেইদিন ইণ্টাৰনেটত দেখি থকা ছোৱালীজনী... ‘মানে কে মাগে হিথে’ গীতেৰে খলকনি তোলা য়’হানীৰ সৈতে EXCLUSIVE সাক্ষাৎকাৰ

Mane Ke Maghe Hithe : আপুনি এইকেইদিন ইণ্টাৰনেটত দেখি থকা ছোৱালীজনী... ‘মানে কে মাগে হিথে’ গীতেৰে খলকনি তোলা য়’হানীৰ সৈতে EXCLUSIVE সাক্ষাৎকাৰ

‘মানে কে মাগে হিথে’ গাৰ্ল য়’হানীয়ে News18ৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰত মিলিত হয়। এই সাক্ষাৎকাৰত সকলো খুলি ক’লে য়’হানীয়ে।

‘মানে কে মাগে হিথে’ গাৰ্ল য়’হানীয়ে News18ৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰত মিলিত হয়। এই সাক্ষাৎকাৰত সকলো খুলি ক’লে য়’হানীয়ে।

‘মানে কে মাগে হিথে’ গাৰ্ল য়’হানীয়ে News18ৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰত মিলিত হয়। এই সাক্ষাৎকাৰত সকলো খুলি ক’লে য়’হানীয়ে।

  • Share this:
এটা গানে বৰ্তমান ইণ্টাৰনেট জগতত খলকনি তুলিছে। ৩ মাহত ৮.৭ কোটিতকৈও অধিক লোকে চাইছে এই গীতটো। তেতিয়াৰে পৰা ২৮ বছৰীয়া শ্ৰীলংকাৰ ছোৱালী য়’হানী ডি চিলভাৰ জীৱন সলনি হৈছে। ‘মানে কে মাগে হিথে’ গাৰ্ল য়’হানীয়ে News18ৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰত মিলিত হয়। এই সাক্ষাৎকাৰত সকলো খুলি ক’লে য়’হানীয়ে।

এই সকলোবোৰ কেনেকৈ হ'ল?

এই সকলোবোৰ টিকটক ভিডিঅ'ৰ পৰা আৰম্ভ হৈছিল। মই মাত্ৰ পিয়ানোৰ সন্মুখত বহি গানটো কৰিছিলো। গানটোৰ প্ৰযোজকে মোক ফোন কৰি কৈছিল– "আপুনি গোটেই গানটো গাব বিচাৰে নেকি?" মই কৈছিলো নিশ্চয়। লকডাউন চলি থকাৰ সময়তে আমি ৰেকৰ্ড কৰিছিলো। মূল গানটো সতীশন ৰথনায়কাৰ আছিল আৰু গীতটো ডুকান এআৰএক্সে লিখিছিল। এইটো এটা খুব সুন্দৰ পৰিকল্পনা আছিল আৰু আমি সকলোৱে আনন্দিত।

আপুনি কেতিয়াবা ভাবিছিলনে যে এই গানটোৱে ২ মাহত ৮.২ মিলিয়ন ভিউজ হ'ব?

একেবাৰে ভৱা নাছিলো। আমি কেতিয়াও ভৱা নাছিলো যে এইটো ইমান হিট হ'ব। আমি কেতিয়াও এনেদৰে পৰিকল্পনা কৰা নাছিলো। আমি সম্পূৰ্ণৰূপে এইটো কৰিছিলো কাৰণ আমি এইটো কৰিব বিচাৰিছিলো। যেতিয়া আমি এই কামটো কৰিছিলো আমি ইয়াৰ প্ৰতিটো ক্ষণ উপভোগ কৰিলো।

যেতিয়া আপুনি দেখিলে যে আপোনাৰ ইউটিউবত সৰ্বোচ্চ ভিউজ আছে আৰু সকলোৱে আপোনাৰ সুৰত নাচিছে তেতিয়া কেনে অনুভৱ হয়?

যেতিয়া মই আনক মোৰ গানৰ সৈতে সুসংগত হোৱা দেখিবলৈ পাওঁ তেতিয়া আচৰিত অনুভৱ হয়। মোৰ দলটোৱে মোক বহুতো ভাষাত গানটো দেখুৱাইছে। মোক সহায় কৰা সকলোৰে প্ৰতি মই কৃতজ্ঞ।



অহা দুবছৰত আপুনি নিজকে কেনেদৰে চাব বিচাৰে?

সংগীত মোৰ জীৱন, মই প্ৰথমে মোৰ পৰৱৰ্তী এলবামটো লৈ আহিব বিচাৰো আৰু ১২টা গান ইতিমধ্যে ইয়াৰ বাবে সাজু হৈছে। সেইটো মুকলি কৰিবলৈ হেঁপাহ পুহি ৰাখিছো।
মই লাইভ শ্ব’ আৰু মিউজিক ট্যুৰ কৰিব বিচাৰো যিটো মোৰ লক্ষ্য।

সংগীতৰ জীৱন কেতিয়া আৰম্ভ হৈছিল?

শৈশৱৰ পৰাই মই সংগীত ভাল পাওঁ। মোৰ মায়ে মোক পিয়ানো শিকাত সহায় কৰিছিল আৰু তাৰ পিছত মই কেইজনমান শিক্ষকৰ ওচৰলৈ গৈছিলো। মই গীটাৰো ভাল পাওঁ আৰু মই ইউটিউব চাই গীটাৰ শিকিছিলো। সংগীতৰ প্ৰতি উৎসাহী আৰু এনেদৰেই এই সকলোবোৰ একেলগে আহিছিল। মই মোৰ জীৱনটো সংগীতৰ সৈতে পাৰ কৰিব বিচাৰো।

আপুনি সেনাৰ পৰিৱেশত ডাঙৰ-দীঘল হৈছে, আপোনাৰ শৈশৱ কেনেকুৱা আছিল?

মোৰ দেউতা সেনাত আছিল, মোৰ মা এয়াৰ হোষ্টেছ আছিল। দেউতাই দীঘলীয়া সময়ৰ বাবে বাহিৰত থাকিবলগীয়া হয়। মোৰ ঘৰত মোৰ মায়ে সংগীত ভাল পায় আৰু তেনেকৈয়ে আমি বাস কৰিছিলো। সৰুৰে পৰাই মই এলটন জন আৰু স্পাইচ গাৰ্লছক ভাল পাইছিলো, এনেদৰেই মই ডাঙৰ-দীঘল হৈছিলোঁ আৰু মোৰ পিতৃ-মাতৃয়ে মোক উৎসাহিত কৰিছিল।

যেতিয়া অমিতাভ বচ্চনে টুইটাৰত আপোনাক প্ৰশংসা কৰিছিল তেতিয়া কেনে অনুভৱ হৈছিল?

এইটো এক অনন্য অভিজ্ঞতা আছিল। এইটো সঁচাকৈয়ে ধেমেলীয়া কাহিনী আছিল। মই শুই আছিলো যেতিয়া মোৰ মেনেজাৰে মোক ফোন কৰিছিল আৰু মোক কৈছিল যে অমিতাভ বচ্চনে টুইট কৰিছে। কিবা কাৰণত মই ধৰিব পৰা নাছিলো আৰু  শুই গৈছিলো। হঠাৎ মই সাৰ পাইছিলো আৰু অনুভৱ কৰিছিলো যে বিগ বিয়ে মোক প্ৰশংসা কৰিছে! হে ভগৱান মোৰ সপোন সঁচা হৈছিল, মই অনুভৱ কৰিছিলো যেন সপোন দেখি আছো। মই আশা কৰো যে মই আহি তেওঁৰ সন্মুখত লাইভ প্ৰদৰ্শন কৰিব পাৰিম।

আনকি পৰিণীতা চোপ্ৰা আৰু অন্যান্য তাৰকাসকলেও এই সুৰত নৃত্য কৰি আছে। অনুভৱ কি?

এয়া বিস্ময়কাৰ। মই সঁচাকৈয়ে ভাগ্যৱান যে বহুতো জ্যেষ্ঠ তাৰকাই মোৰ গানটো ভাল পাইছে। ঋণী, মই আহি প্ৰদৰ্শন কৰিব বিচাৰিম। তেওঁলোকে মোক সঁচাকৈয়ে বহুত সহায় কৰিছে।

আপুনি ভাৰতলৈ আহিব বিচাৰে নেকি?

হয়, আমাৰ ভাৰতত সৰু সৰু অনুষ্ঠানৰ কাৰ্যসূচী আছে। মই ভাৰতলৈ আহি ভ্ৰমণ কৰিব বিচাৰো। ‘মানেকা মাগে হিথে’ৰ সৈতে সকলো ঠাইতে উপস্থিত হ'ব বিচাৰো।

আপুনি দৃশ্যগ্ৰহণৰ আগতে ৰিহাৰ্চেল কৰিছিলনে কিয়নো আপোনাৰ লুকছ আৰু মুভছ পাৰফেক্ট আছিল?

একেবাৰে নহয়। মই নিজেই গানটোৰ দ্বাৰা আপ্লুত হৈছিলো আৰু সুৰটো যিধৰণে উপস্থাপন কৰা হৈছিল মই সঁচাকৈয়ে ভাল পাওঁ। ছন্দ, অংগী–ভংগীয়ে ইয়াক নিখুঁট ৰূপ দিছিল।

কোনেও গীতটো বুজিব পৰা নাই তথাপিও সকলোৱে এই সুৰত মতলীয়া, এইটোৱে কি প্ৰমাণ কৰে?

সংগীতৰ সংস্কৃতি বা সীমা নাই। এই গানটোৰ পৰা এইটো স্পষ্ট, যিসকলে গানটোৰ একো বুজি পোৱা নাছিল তেওঁলোক সদাই আশ্চৰ্যজনক। মই তেওঁলোক সকলোকে ধন্যবাদ দিব বিচাৰো আৰু মই সঁচাকৈয়ে ভাৰতলৈ আহি সংগীত ভ্ৰমণ কৰিব বিচাৰো আৰু ‘মানে কে মাগে হিথে’ লাইভ প্ৰদৰ্শন কৰিব বিচাৰো।

জনপ্ৰিয়তা চাপত সৃষ্টি হয় আপুনি কেনেদৰে মোকাবিলা কৰিব?

ই নিশ্চিতভাৱে প্ৰচুৰ চাপ সৃষ্টি কৰে। অতি স্পষ্টকৈ ক'বলৈ গ'লে মই পৰৱৰ্তী গানটো এটা ভিউ পালেও দুখ নকৰো, কিয়নো মোৰ মই সুখী হয়নে নহয় সেইটোহে প্ৰয়োজন। মোৰ বাবে মই কেনেদৰে প্ৰদৰ্শন কৰিছিলো আৰু মই ইয়াক লৈ সুখী হয়নে নহয় সেইটোৱে গুৰুত্বপূৰ্ণ। যদি মই উপভোগ কৰোঁ তেন্তে সেইটো মোৰ বাবে যথেষ্ট। মই যি সৃষ্টি কৰোঁ তাক লৈ যদি মই সুখী হওঁ তেন্তে তাতকৈ বেছি একো নালাগে।

তাই হাঁহিছিল আৰু "মানে কে মাগে হিথে"ৰ সৈতে সাক্ষাৎকাৰটো সমাপ্ত কৰিছিল। অনুভৱ হয় তেওঁ যি কৰিছে তাক ভাল পায় আৰু সেয়েহে ভাষা, দেশ তাইৰ বাবে কোনো বাধা নহয়।
Published by:Sanjay Kumar Das
First published: