অভিনেত্ৰী নুৰা ফাতেহীক এয়া কি কৰিলে ডান্স গুৰুৱে? দিলে নেকি অসত্‍ ইংগিত? ভিডিঅ’ ভাইৰেল

News18 Assam | News18-Assam
Updated:September 28, 2020, 2:41 PM IST
অভিনেত্ৰী নুৰা ফাতেহীক এয়া কি কৰিলে ডান্স গুৰুৱে? দিলে নেকি অসত্‍ ইংগিত? ভিডিঅ’ ভাইৰেল
ৰিয়েলিটী শ্ব’ৰ চেটত অভিনেত্ৰী নুৰা ফাতেহীক দিয়া হ’ল নেকি অসত্‍ ইংগিত? ভাইৰেল হৈ পৰিল ভিডিঅ’

ৰিয়েলিটী শ্ব’ৰ চেটত অভিনেত্ৰী নুৰা ফাতেহীক দিয়া হ’ল নেকি অসত্‍ ইংগিত? ভাইৰেল হৈ পৰিল ভিডিঅ’

  • News18 Assam
  • Last Updated: September 28, 2020, 2:41 PM IST
  • Share this:
‘চাকি গাৰ্ল’ নুৰা ফাতেহীক এয়া কি কৰিলে ডান্স গুৰু টেৰেন্স লুইছে? ইচ্ছা কৰি নে অনিচ্ছাকৃত ভাবে অভিনেত্ৰীগৰাকীক কৰিলে এনেধৰণে অশ্লীল স্পৰ্শ? এই প্ৰশ্ন এতিয়া উত্থাপন কৰিছে বিভিন্নজনে। ‘India's Best Dancer’-ৰিয়েলিটী শ্ব’ৰ এটা ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে সৰ্বত্ৰ।

অভিনেত্ৰী নুৰা ফাতেহী এতিয়া অত্যন্ত জনপ্ৰিয়। আইটেম চঙত আকৰ্ষণীয় নৃত্য কৰি বহুতকে মুগ্ধ কৰিছে নুৰাই। কিছুদিন পূৰ্বে ‘India's Best Dancer’-ৰিয়েলিটী শ্ব’ৰ বিচাৰকৰ আসনত বহিছিল অভিনেত্ৰীগৰাকী। আৰু অনুষ্ঠানটোৰ মাজতে শ্ব’ৰ অন্যতম বিচাৰক টেৰেন্স লুইছে অভিনেত্ৰীগৰাকীৰ এনেদৰে স্পৰ্শ কৰে।



যোৱা ১২ ছেপ্তেম্বৰত সম্প্ৰচাৰিত হৈছিল অনুষ্ঠানটো। ভিডিঅ’টোত দেখা গৈছে যে, অনিচ্ছাকৃত ভাবে টেৰেন্সৰ হাত নুৰাৰ সেই অংশত লাগি যায়। ফলত সেইসময়ত কোনেও বিশেষ মন্তব্য নিদিলে। কিন্তু যেতিয়া ভিডিঅ’টো ভাইৰেল হৈ পৰে, তেতিয়া বিভিন্ন জনে বিভিন্নধৰণৰ মন্তব্য কৰে। একাংশই আনকি কৈছে যে, ‘এয়াই হ’ল বলিউদৰ প্ৰকৃত ছবি। নহ’লে টেৰেন্সৰ দৰে ব্যক্তিৰ পৰা এনে ব্যৱহাৰ আশা কৰিব নোৱাৰি।’
Published by: Himangshu Bhuyan
First published: September 28, 2020, 2:41 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading